সমগ্র শিক্ষা অসমে শিক্ষা যাত্রা : প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ

সমগ্র শিক্ষা অসমে শিক্ষা যাত্রা : প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ কৰিছে ২০২৬-২৭ বিত্তীয় বৰ্ষত বিদ্যালয়ৰ বৰ্হিভূত শিশুসকলক চিনাক্ত কৰি বিদ্যালয়ত নামভৰ্তি কৰাই পুনৰ শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই অনাৰ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে।

গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, যে ইয়াৰ অধীনত সমগ্ৰ শিক্ষাৰ জিলা গুণগত মান ব্যৱস্থাপক আৰু শিক্ষা স্বেচ্ছাসেৱকসকলে প্ৰথমে বিদ্যালয় আধাতে ত্যাগ কৰা আৰু দীৰ্ঘদিন ধৰি বিদ্যালয়ত অনুপস্থিত থকা শিশুসকলক চিনাক্ত কৰিব।

ইয়াৰ পাছত প্ৰয়োজন অনুসাৰে শিশুসকলক আৱাসিক আৰু অনা-আৱাসিক বিশেষ প্রশিক্ষণ কেন্দ্র তথা মুক্ত বিদ্যালয় ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক পুনৰ শিক্ষাৰ সৈতে জড়িত কৰোৱা হ’ব। এনে শিশুসকলক চিনাক্ত কৰাৰ বাবে ৰাজ্যজুৰি ২০ আগষ্টৰ পৰা দুহেজাৰ ৮৬২ গৰাকী বিশেষভাৱে প্ৰশিক্ষিত কৰ্মচাৰীয়ে জৰীপ আৰম্ভ কৰিছে। ২৩ ছেপ্তেম্বৰলৈ এই জৰীপ চলিব।

ডাঃ পেগুৱে তেওঁৰ ভাষণত বিদ্যালয় আৰু উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰৰ অনুপ্ৰেৰণাদায়ক জীৱন সংগ্ৰাম শিক্ষা যাত্ৰা কাৰ্যসূচীৰ সৈতে সংগতিপূৰ্ণ বুলি উল্লেখ কৰে। নাৰায়ণ কোঁৱৰৰ জীৱনে, বৰ্তমানৰ প্ৰতিকূলতাই যে শিশুৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব নোৱাৰে তাৰেই শিক্ষা দিয়ে বুলি শিক্ষা মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।