September 23, 2026 7:35 PM

views 8

বি বৰুৱা মহাবিদ্যালয়ত আয়োজিত বক্তৃতা প্রতিযোগিতা শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ উদ্বোধন

ৰাষ্ট্ৰজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে উচ্চ শিক্ষা বিভাগৰ উদ্যোগত বি বৰুৱা মহাবিদ্যালয়ত আয়োজিত বক্তৃতা প্রতিযোগিতাৰ আজি শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰে। চাৰিটা পর্যায়ত অনুষ্ঠিত এই প্রতিযোগিতাৰ প্ৰথম পর্যায়ত আজি মহাবিদ্যালয়খনৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষার্থীসকলে অংশগ্রহণ কৰে। শিক্ষার্থীসকলৰ মাজত যুক্তিনিষ্ঠ চিন্তা, আত্মবিশ্বাস, বিষয়ভিত্তিক জ্ঞান আৰু বক্তব্য প্ৰদানৰ দক্ষতা বিকশিত কৰাৰ লগতে তেওঁলোকক সমসাময়িক বিষয়সমূহৰ প্ৰতি অধিক সচেতন কৰি তোলাৰ উদ্দশ্যে এই প্রতিযোগিতাৰ আয়োজ...

August 21, 2026 6:39 PM

views 35

সমগ্র শিক্ষা অসমে শিক্ষা যাত্রা : প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ

সমগ্র শিক্ষা অসমে শিক্ষা যাত্রা : প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ কৰিছে ২০২৬-২৭ বিত্তীয় বৰ্ষত বিদ্যালয়ৰ বৰ্হিভূত শিশুসকলক চিনাক্ত কৰি বিদ্যালয়ত নামভৰ্তি কৰাই পুনৰ শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই অনাৰ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, যে ইয়াৰ অধীনত সমগ্ৰ শিক্ষাৰ জিলা গুণগত মান ব্যৱস্থাপক আৰু শিক্ষা স্বেচ্ছাসেৱকসকলে প্ৰথমে বিদ্যালয়...

August 7, 2026 7:33 PM

views 27

দৰমহা প্রদান ব্যৱস্থা সন্দৰ্ভত শিক্ষকসকল শংকিত হোৱাৰ প্রয়োজন নাই : ডাঃ ৰণোজ পেগু

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি এখন সংবাদমেলত দৰমহা প্রদান ব্যৱস্থা সন্দৰ্ভত শিক্ষকসকল শংকিত হোৱাৰ প্রয়োজন নাই বুলি মন্তব্য কৰে। সমগ্র শিক্ষা, অসমৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, যে অসম চৰকাৰৰ কৰ্মচাৰী হিচাপে সকলো বিত্তীয় বিধি ব্যৱস্থা পালন কৰি বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হৈছিল। সেই অনুসৰি অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী এজনে লাভ কৰা সকলো সা-সুবিধা শিক্ষকসকলেও পাই থাকিব বুলি তেওঁ উল্লেখ কৰে। অৱশ্যে দৰমহা প্ৰদানৰ ব্যৱস্থাপনা ক'ৰ পৰা কেনেকৈ হব...

January 16, 2026 7:56 PM

views 61

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱময় শতবৰ্ষৰ সামৰণি

বজালী জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱময় শতবৰ্ষৰ সামৰণি অনুষ্ঠান ৩ দিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আয়োজন কৰা হৈছে। আজি প্ৰথম দিনা কার্যসূচীত ৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মূল ভৱন শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানত বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসো উপস্থিত থাকে। ১৯২৬ চনত স্থাপন কৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ১০০ বছৰীয়া গৌৰবোজ্জল শৈক্ষিক যাত্ৰাত ভালেসংখ্যক মেধাবী ছাত্ৰ-ছাত্ৰী আ...

September 10, 2025 8:36 PM

views 63

প্ৰতিখন মহাবিদ্যালয়তে পর্যায়ক্রমে সকলো শাখা মুকলি কৰিব : শিক্ষামন্ত্ৰী

অসম চৰকাৰে ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়তে পর্যায়ক্রমে সকলো শাখা মুকলি কৰিব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি বৰপেটা জিলাৰ মধ্য কামৰূপ মহাবিদ্যালয়ৰ নতুন ভৱন আৰু এখন তোৰণ মুকলি কৰি এটা অনুষ্ঠানত দিয়া ভাষণত এই বিষয়ে প্রকাশ কৰে। তেওঁ সাম্প্ৰতিক সময়ৰ চাহিদা অনুসৰি পুঠিগত শিক্ষাৰ লগতে ব্যৱহাৰিক শিক্ষাৰে ছাত্ৰ-ছাত্ৰীসকলক একবিংশ শতিকাৰ উপযোগী হোৱাকৈ নিজক গঢ় দিবলৈ আহ্বান জনায়। এই লক্ষ্য আগত ৰাখি প্ৰতিখন মহাবিদ্যালয়ত বিজ্ঞান, কলা, বাণিজ্য আৰু বৃত্তিমুখী শাখা মুকলি ...

August 20, 2025 8:42 PM

views 88

জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, বিদ্যালয় পৰিদৰ্শক, মহাবিদ্যালয়ৰ অধ্যক্ষৰে বৈঠক মন্ত্ৰী ডা০ ৰণোজ পেগুৰ

শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি জনতা ভৱনৰ পৰা জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, বিদ্যালয় পৰিদৰ্শক আৰু মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে ভার্চুৱেল ব্যৱস্থাৰে নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচী উল্লাস সম্পর্কে আলোচনা কৰে। বৈঠকত শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাত এই আঁচনিৰ অধীনত চলি থকা কাৰ্যক্ৰমৰ পৰ্যালোচনাৰ লগতে আসন্ন পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে জিলা প্ৰশাসন আৰু অধ্যক্ষসকলক যাৱতীয় নির্দেশ দিয়ে। শিক্ষা লাভৰ পৰা বঞ্চিত দেশৰ ১৫ বছৰ তাতকৈ অধিক বয়সৰ সকলো প্ৰাপ্তবয়স্ক লোকক সাক্ষৰতামূলক কাৰ্যসূচীৰে সৱল কৰি তুল...

July 6, 2025 1:21 PM

views 59

লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গ্ৰামাঞ্চলত উচ্ছেদিত প্ৰতিটো খিলঞ্জীয়া পৰিয়ালক চৰকাৰে ৯ বিঘাকৈ ভূমি প্রদান কৰিব

লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গ্ৰামাঞ্চলত উচ্ছেদ কৰা প্ৰতিটো খিলঞ্জীয়া পৰিয়ালক চৰকাৰে ৯ বিঘাকৈ ভূমি প্রদান কৰিব। শিক্ষামন্ত্রী তথা লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এইকথা প্রকাশ কৰে। তেওঁ কয়, যে এই ৯ বিঘা ভূমিৰ এবিঘা ঘৰৰ ভেটিৰ বাবে আৰু বাকী ৮ বিঘা ভূমি খেতি কৰাৰ বাবে দিয়া হ'ব। এই লোকসকলে বসুন্ধৰা এপৰ জৰিয়তে আবেদন কৰিলেই চৰকাৰে তেওঁলোকক ভূমিৰ আৱণ্টন দিব বুলি ডাঃ পেগুৱে প্ৰকাশ কৰে। তেওঁ কয়, যে চৰকাৰী ভূমিত বিশেষকৈ ভি জি আৰ আৰু পি জি আৰ হিচাপে স্বীকৃত ভূমি দখল কৰি থকা লোক...

November 1, 2024 7:34 PM

views 77

অহা বছৰৰ মে’ মাহৰ ভিতৰত ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকত বিদ্যালয়ত পুনৰ ৯ হাজাৰ নতুন শিক্ষক নিযুক্তি দিয়া হ’বঃ শিক্ষামন্ত্রী

অহা বছৰৰ মে' মাহৰ ভিতৰত ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকত বিদ্যালয়ত পুনৰ ৯ হাজাৰ নতুন শিক্ষক নিযুক্তি দিয়া হ'ব। ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰৰ্জত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্রহণ কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এই কথা প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে এই নিযুক্তি প্রক্রিয়া আৰম্ভ কৰা হৈছে। তেওঁ লগতে ৰাজ্যত প্ৰথম বাৰৰ বাবে সুকীয়াকৈ গণিত বিষয়ৰ শিক্ষক নিযুক্তি নিয়াৰ কথাও ঘোষণা কৰে। এই সন্দৰ্ভত শিক্ষামন্ত্রী পেগুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধ...

September 18, 2024 7:59 PM

views 56

অভিভাৱক মন্ত্ৰী লাভৰ পাছত প্ৰথমবাৰৰ বাবে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু মাজুলীত উপস্থিত

মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী লাভৰ পাছত প্ৰথমবাৰৰ বাবে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু জিলাখনত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে বিজেপিৰ মাজুলী জিলা কাৰ্যালয়ত উপস্থিত হৈ দলৰ সদস্যতা অভিযান আৰু অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনি ৰূপায়ণৰ সন্দৰ্ভতো মত বিনিময় কৰে ।

September 16, 2024 5:48 PM

views 61

ৰাজ্যৰ মহাবিদ্যালয় সমূহৰ স্নাতক পাঠ্যক্ৰমত দক্ষতা বিকাশৰ শিক্ষা অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছেঃ ৰণোজ পেগু

ৰাজ্যৰ মহাবিদ্যালয় সমূহৰ স্নাতক পাঠ্যক্ৰমত দক্ষতা বিকাশৰ শিক্ষা অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰে। কোকৰাঝাৰ বালিকা মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, চলিত শিক্ষা বৰ্ষৰ পৰা ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত সকলো ধৰণৰ দক্ষতা বিকাশৰ পাঠ্যক্ৰম প্ৰৱৰ্তনৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে নিজৰ দক্ষতা বিকাশ কৰি জীৱন কৌশল আয়ত্ব কৰি...