শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি জনতা ভৱনৰ পৰা জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, বিদ্যালয় পৰিদৰ্শক আৰু মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে ভার্চুৱেল ব্যৱস্থাৰে নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচী উল্লাস সম্পর্কে আলোচনা কৰে। বৈঠকত শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিখন জিলাত এই আঁচনিৰ অধীনত চলি থকা কাৰ্যক্ৰমৰ পৰ্যালোচনাৰ লগতে আসন্ন পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে জিলা প্ৰশাসন আৰু অধ্যক্ষসকলক যাৱতীয় নির্দেশ দিয়ে। শিক্ষা লাভৰ পৰা বঞ্চিত দেশৰ ১৫ বছৰ তাতকৈ অধিক বয়সৰ সকলো প্ৰাপ্তবয়স্ক লোকক সাক্ষৰতামূলক কাৰ্যসূচীৰে সৱল কৰি তুলি ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাবলৈ সমৰ্থ কৰি তোলাৰ উদ্দেশ্যে এই আঁচনি ৰূপায়ণ কৰা হৈছে। ইয়াৰ অধীনত লিখা পঢ়াৰ লগতে জীৱনৰ কৌশল সম্পৰ্কে শিক্ষাদানেৰে শিকনৰ প্ৰতি উৎসাহিত কৰা হয় ৷
Assamese | August 20, 2025 8:42 PM | Ranoj Pegu
জিলা আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, বিদ্যালয় পৰিদৰ্শক, মহাবিদ্যালয়ৰ অধ্যক্ষৰে বৈঠক মন্ত্ৰী ডা০ ৰণোজ পেগুৰ