অসম চৰকাৰে ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়তে পর্যায়ক্রমে সকলো শাখা মুকলি কৰিব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি বৰপেটা জিলাৰ মধ্য কামৰূপ মহাবিদ্যালয়ৰ নতুন ভৱন আৰু এখন তোৰণ মুকলি কৰি এটা অনুষ্ঠানত দিয়া ভাষণত এই বিষয়ে প্রকাশ কৰে। তেওঁ সাম্প্ৰতিক সময়ৰ চাহিদা অনুসৰি পুঠিগত শিক্ষাৰ লগতে ব্যৱহাৰিক শিক্ষাৰে ছাত্ৰ-ছাত্ৰীসকলক একবিংশ শতিকাৰ উপযোগী হোৱাকৈ নিজক গঢ় দিবলৈ আহ্বান জনায়। এই লক্ষ্য আগত ৰাখি প্ৰতিখন মহাবিদ্যালয়ত বিজ্ঞান, কলা, বাণিজ্য আৰু বৃত্তিমুখী শাখা মুকলি কৰা হ’ব বুলি তেওঁ কয়। ৰাজ্যত ঔদ্যোগিকীকৰণৰ জৰিয়তে নিয়োগ সৃষ্টিত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰু মহিলা উদ্যমিতা আঁচনিৰ প্ৰসংগ উল্লেখ কৰে। ৰাজ্যত শিক্ষাবর্ষ সলনি কৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, যে এই বিষয়টো পৰীক্ষা কৰাৰ বাবে এখন সমিতি গঠন কৰি দিয়া হৈছে।
Assamese | September 10, 2025 8:36 PM | Ranoj Pegu
প্ৰতিখন মহাবিদ্যালয়তে পর্যায়ক্রমে সকলো শাখা মুকলি কৰিব : শিক্ষামন্ত্ৰী