September 23, 2026 7:35 PM | Ranoj Pegu

printer

বি বৰুৱা মহাবিদ্যালয়ত আয়োজিত বক্তৃতা প্রতিযোগিতা শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ উদ্বোধন

ৰাষ্ট্ৰজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে উচ্চ শিক্ষা বিভাগৰ উদ্যোগত বি বৰুৱা মহাবিদ্যালয়ত আয়োজিত বক্তৃতা প্রতিযোগিতাৰ আজি শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰে। চাৰিটা পর্যায়ত অনুষ্ঠিত এই প্রতিযোগিতাৰ প্ৰথম পর্যায়ত আজি মহাবিদ্যালয়খনৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষার্থীসকলে অংশগ্রহণ কৰে। শিক্ষার্থীসকলৰ মাজত যুক্তিনিষ্ঠ চিন্তা, আত্মবিশ্বাস, বিষয়ভিত্তিক জ্ঞান আৰু বক্তব্য প্ৰদানৰ দক্ষতা বিকশিত কৰাৰ লগতে তেওঁলোকক সমসাময়িক বিষয়সমূহৰ প্ৰতি অধিক সচেতন কৰি তোলাৰ উদ্দশ্যে এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্রতিযোগিতাই শিক্ষার্থীসকলৰ প্ৰতিভা বিকাশৰ দিশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰে। অহা ১৫ অক্টোবৰত ৰাজ্যিক পৰ্যায়ৰ এই প্রতিযোগিতাৰ সামৰণি পৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।