অহা বছৰৰ মে’ মাহৰ ভিতৰত ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকত বিদ্যালয়ত পুনৰ ৯ হাজাৰ নতুন শিক্ষক নিযুক্তি দিয়া হ’ব। ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰৰ্জত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্রহণ কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এই কথা প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে এই নিযুক্তি প্রক্রিয়া আৰম্ভ কৰা হৈছে। তেওঁ লগতে ৰাজ্যত প্ৰথম বাৰৰ বাবে সুকীয়াকৈ গণিত বিষয়ৰ শিক্ষক নিযুক্তি নিয়াৰ কথাও ঘোষণা কৰে। এই সন্দৰ্ভত শিক্ষামন্ত্রী পেগুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে অনুমোদন জনোৱা বুলি উল্লেখ কৰি সম্পূৰ্ণ মেধাৰ ভিত্তিত এই নিযুক্তি প্রক্রিয়া সম্পন্ন কৰা হ’ব বুলি কয়।
Assamese | November 1, 2024 7:34 PM | Assam Education Minister | Dr. Ranoj Pegu | Ranoj Pegu
অহা বছৰৰ মে’ মাহৰ ভিতৰত ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকত বিদ্যালয়ত পুনৰ ৯ হাজাৰ নতুন শিক্ষক নিযুক্তি দিয়া হ’বঃ শিক্ষামন্ত্রী