October 6, 2026 6:47 PM
2
গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫৭৪ গৰাকী ৰান্ধনী আৰু সহায়িকাক চেক আৰু উৎকৃষ্টতাৰ প্ৰমাণপত্ৰ প্ৰদান শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ
শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি ধেমাজিৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৰদলনি শিক্ষা খণ্ডৰ ৫৭৪ গৰাকী ৰান্ধনী আৰু সহায়িকাক চেক আৰু উৎকৃষ্টতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী পোষণ শক্তি নির্মাণ আঁচনিৰ সফল ৰূপায়ণৰ দিশত সেৱা আগবঢ়োৱা ৰান্ধনী আৰু সহায়িকাসকলৰ সন্মানার্থে এই পদক্ষেপ লোৱা হৈছে। সন্মান লাভ কৰা পি এম পোষণ কৰ্মীসকলে যাতে অনাগত দিনত নিষ্ঠা আৰু সেৱাৰ মনোভাৱেৰে কৰ্মত অগ্ৰসৰ হ'ব পাৰে তাৰ বাবে মন্ত্রী ডা০ পেগুৱে শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে ৰা...