December 13, 2024 6:24 PM

views 59

প্ৰথমবাৰৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগৰ বিশেষভাৱে গণিতৰ শিক্ষকৰ পদ সৃষ্টি

ৰাজ্যৰ শিক্ষা বিভাগে প্ৰথমবাৰৰ বাবে বিশেষভাৱে গণিতৰ শিক্ষকৰ পদ সৃষ্টি কৰিছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, আগতে ৰাজ্যৰ বিদ্যালয়সমূহত বিজ্ঞান বিষয়ৰ শিক্ষক নিয়োগ কৰা হৈছিল আৰু তেওঁলোককে গণিতৰ শিক্ষা প্ৰদানৰো দায়িত্ব দিয়া হৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে চৰকাৰে এহেজাৰ ৭৬০ টা গণিত শিক্ষকৰ পদ সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছে। প্ৰতিখন মাধ্যমিক বিদ্যালয়ত একোজন গণিতৰ শিক্ষক আছুতীয়াকৈ থকাৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰি পৰ্যায়ক্রমে এই পদৰ সংখ্যা বৃদ্ধি কৰা হ'ব।

November 30, 2024 7:27 PM

views 66

কাহিলীপাৰাৰ সমগ্ৰ শিক্ষা অভিযান কাৰ্যালয়ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ জ্ঞানৰ ই-কক্ষ মুকলি

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি কাহিলীপাৰাৰ সমগ্ৰ শিক্ষা অভিযান কাৰ্যালয়ত জ্ঞানৰ ই-কক্ষ মুকলি কৰে। ই-কক্ষ আছাম ইউটিউব চেনেলৰ জৰিয়তে বিদ্যালয়ৰ লগতে ঘৰৰ পৰাও শিক্ষার্থীয়ে পাঠ গ্ৰহণ কৰিব পাৰিব বুলি শিক্ষা মন্ত্রী ডাঃ পেগুৱে প্ৰকাশ কৰে। শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ উপস্থিতিত ই-কক্ষ মুকলি কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ সকলো পাঠ্যক্ৰমৰ ভিডিঅ' পাঠদান এই ইউটিউব চেনেলত উপলব্ধ হ'ব। অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা অসমীয়া ভাষাত সকলো পাঠৰ ভিডিঅ’ প্ৰস্তুত কৰা হৈছে ব...

November 28, 2024 6:26 PM

views 67

৩০ নৱেম্বৰত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে কেইবাটাও শিক্ষা সংগঠনৰ সৈতে জনতা ভৱনত বৈঠকত মিলিত হ’ব

শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে অহা ৩০ নৱেম্বৰত কেইবাটাও শিক্ষা সংগঠনৰ সৈতে দিছপুৰৰ জনতা ভৱনত বৈঠকত মিলিত হ'ব। এই বৈঠকত চাকৰিৰ সেৱা বৃদ্ধি সন্দৰ্ভত আলোচনা কৰা হ'ব। অসম হাইস্কুল শিক্ষক সন্থা, সদৌ অসম চৰকাৰী বিদ্যালয় সেৱা সন্থা, সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাকে ধৰি কেইবাটাও সংগঠনক এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে।

November 23, 2024 10:52 AM

views 97

অসম কলেজ শিক্ষক সন্থা আৰু অসম কলেজ অধ্যক্ষ পৰিষদৰ বৈঠক

ৰাজ্যত মহাবিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ বাবে এতিয়াৰে পৰা কেন্দ্ৰীয় লোকসেৱা আয়োগ অথবা অসম লোকসেৱা আয়োগৰ আৰ্হিত পৰীক্ষা অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰে ইতিপূর্বে সংশোধন কৰা অসম মহাবিদ্যালয় কৰ্মচাৰী (প্ৰাদেশিকীকৰণ) আইনৰ অধীনত এনে ব্যৱস্থা বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহাবিদ্যালয়সমূহৰ শিক্ষক আৰু কৰ্মচাৰীসকলৰ বাবে নতুন সেৱা নিধিৰ খচৰা সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ সৈতে শেহতীয়াকৈ অনুষ্ঠিত অসম কলেজ শিক্ষক সন্থা আৰু অসম কলেজ অধ্যক্ষ পৰিষদৰ এখন বৈঠকত এই বিষয়ে আলোচনা কৰি সিদ্ধান্ত লোৱা হয...

November 1, 2024 7:34 PM

views 75

অহা বছৰৰ মে’ মাহৰ ভিতৰত ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকত বিদ্যালয়ত পুনৰ ৯ হাজাৰ নতুন শিক্ষক নিযুক্তি দিয়া হ’বঃ শিক্ষামন্ত্রী

অহা বছৰৰ মে' মাহৰ ভিতৰত ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকত বিদ্যালয়ত পুনৰ ৯ হাজাৰ নতুন শিক্ষক নিযুক্তি দিয়া হ'ব। ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰৰ্জত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্রহণ কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এই কথা প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে এই নিযুক্তি প্রক্রিয়া আৰম্ভ কৰা হৈছে। তেওঁ লগতে ৰাজ্যত প্ৰথম বাৰৰ বাবে সুকীয়াকৈ গণিত বিষয়ৰ শিক্ষক নিযুক্তি নিয়াৰ কথাও ঘোষণা কৰে। এই সন্দৰ্ভত শিক্ষামন্ত্রী পেগুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধ...

October 26, 2024 8:16 PM

views 59

‘ছেমি কণ্ডাক্টৰ উদ্যোগঃ উত্তৰ-পূব ভাৰতত প্ৰযুক্তিগত প্ৰত্যাহ্বান আৰু সম্ভাৱনাসমূহ’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ অংশগ্রহণ

শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত ছেমি কণ্ডাক্টৰ উদ্যোগঃ উত্তৰ-পূব ভাৰতত প্ৰযুক্তিগত প্ৰত্যাহ্বান আৰু সম্ভাৱনাসমূহ শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰত অংশগ্রহণ কৰে। এই অনুষ্ঠানে শিক্ষাৰ সৈতে উদ্যোগক সমন্বিত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত ছেমি কণ্ডাক্টৰ খণ্ডৰ উদ্ভাৱনী আৰু ষ্টার্টআপৰ সম্ভাৱনাসমূহ অন্বেষণ কৰাৰ বাবে অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। ইয়াৰ লগতে সকলো শিক্ষানুষ্ঠানক শিক্ষা, গৱেষণা আৰু শিক্ষাৰ্থীসকলৰ দক্ষতা বিকাশৰ জৰিয়তে ছেমি কণ্ডাক্টৰ উদ্যোগত সুফ...

October 16, 2024 11:57 AM

views 56

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে টেট তথা নিযুক্তি পৰীক্ষা প্ৰক্ৰিয়া সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ পৰ্যালোচনা

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে বিদ্যালয় শিক্ষা বিভাগ আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ সৈতে কালি এখন বৈঠকত অংশগ্ৰহণ কৰি স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে টেট তথা নিযুক্তি পৰীক্ষা প্ৰক্ৰিয়া পৰ্যালোচনা কৰে। অহা ২১ অক্টোবৰত www.madhyamik.assam.gov.in ৱেৱছাইটযোগে স্নাতক শিক্ষকৰ ৮,২৩০ টা আৰু স্নাতকোত্তৰ শিক্ষকৰ ১,৪৮৭ টা পদৰ বাবে অনলাইন আবেদন গ্রহণ আৰম্ভ হ'ব।

October 8, 2024 11:37 AM

views 65

অসম কলেজ শিক্ষক সন্থাৰ প্ৰতিনিধিৰ সৈতে শিক্ষামন্ত্রীৰ বৈঠক অনুষ্ঠিত

 শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি জনতা ভৱনত অসম কলেজ শিক্ষক সন্থাৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হয়। সভাত কলেজ শিক্ষকসকলৰ পদোন্নতি, দৰমহা সুৰক্ষা আৰু আন কেইবাটাও আনুসংগিক বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনাৰ সময়ত কলেজ শিক্ষক সন্থাৰ প্ৰতিনিধিৰ দলটোৱে তেওঁলোকে বিগত সময়ত সন্মুখীন হৈ অহা বিভিন্ন সমস্যাসমূহৰ বিষয়ে শিক্ষামন্ত্রীগৰাকীক অৱগত কৰে।

October 4, 2024 10:57 AM

views 90

ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ত জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ সৈতে মন্ত্ৰী ৰণোজ পেগুৰ বৈঠক

● শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি মিচিং স্বায়ত্ত শাসিত পৰিষদৰ বাবে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ আৰু পৰিষদৰ আসন্ন নিৰ্বাচনৰ বিষয়ে অনা মিচিং সুৰক্ষা সমিতি আৰু বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত এম এ চি গাঁও অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ২০০৫ চনত জাৰি কৰা অধিসূচনাৰ সংশোধন আৰু পৰিষদৰ মিচিং জনবসতি নথকা গাঁওসমূহ বাদ দিয়া হ'ব বুলি উল্লেখ কৰে। তদুপৰি মিচিং আৰু অনামিচিং উভয় সম্প্ৰদায়ৰ জনবসতি থকা গাঁৱৰ ক্ষেত্ৰত মিচিং জনবসতি থকা অংশহে এম ...

September 20, 2024 6:47 PM

views 54

চিৰাঙৰ কেইবাটাও কাৰ্যসূচীত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জনজাতি পৰিক্ৰমা বিভাগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত চিৰাঙৰ ছপাগুৰিত এটা জনজাতীয় জিৰণী গৃহ মুকলি কৰে। এই জিৰণী গৃহৰ জৰিয়তে জনজাতীয় সম্প্রদায় বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব বুলি তেওঁ আশা প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে চিৰাঙৰ অম্লাইগুৰি ইকো টুৰিজিম পার্ক মুকলি কৰে। এই প্ৰকল্পতো দুই কোটি ৮৭ লাখতকৈও অধিক ধন ব্যয় সাপেক্ষে দুটা পৰ্যায়ত সম্পূৰ্ণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।