শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত ছেমি কণ্ডাক্টৰ উদ্যোগঃ উত্তৰ-পূব ভাৰতত প্ৰযুক্তিগত প্ৰত্যাহ্বান আৰু সম্ভাৱনাসমূহ শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰত অংশগ্রহণ কৰে। এই অনুষ্ঠানে শিক্ষাৰ সৈতে উদ্যোগক সমন্বিত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত ছেমি কণ্ডাক্টৰ খণ্ডৰ উদ্ভাৱনী আৰু ষ্টার্টআপৰ সম্ভাৱনাসমূহ অন্বেষণ কৰাৰ বাবে অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। ইয়াৰ লগতে সকলো শিক্ষানুষ্ঠানক শিক্ষা, গৱেষণা আৰু শিক্ষাৰ্থীসকলৰ দক্ষতা বিকাশৰ জৰিয়তে ছেমি কণ্ডাক্টৰ উদ্যোগত সুফল লাভ কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানটোত দেশৰ প্ৰায় ৩০০ শিক্ষার্থীয়ে অংশগ্ৰহণ কৰে।
Assamese | October 26, 2024 8:16 PM | AIR GUWAHATI | Akashvani Guwahati | Assam | Dr. Ranoj Pegu
‘ছেমি কণ্ডাক্টৰ উদ্যোগঃ উত্তৰ-পূব ভাৰতত প্ৰযুক্তিগত প্ৰত্যাহ্বান আৰু সম্ভাৱনাসমূহ’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ অংশগ্রহণ