August 19, 2026 5:32 PM

views 21

গুৱাহাটীৰ ৰূপনগৰত কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি

ৰাজ্যৰ প্ৰশাসনিক আন্তঃগাঁথনি সৱলীকৰণৰ লক্ষ্যৰে গুৱাহাটীৰ ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে নতুন পৰিকল্পনাক বাস্তৱ ৰূপ দি এই কাৰ্য্যালয় নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰে। ৮১ কোটি ২০ লাখ টকা ব্যয় সাপেক্ষ কাৰ্য্যালয় ভৱনটোৰ তিনিটা মহলাত ২১ টা কাৰ্য্যালয় আছে। এই চৌহদতে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়, কোষাগাৰ, খাদ্য আৰু যোগান বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্য্যালয়ত জন...

August 13, 2026 12:00 PM

views 27

আই এছ বি টিৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

গুৱাহাটী মহানগৰ আৰক্ষীয়ে যোৱানিশা আই এছ বি টিৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ইম্ফলৰ পৰা অহা এখন ট্ৰাকৰ পৰা ১.৫০ লাখ টা য়াবা টেবলেট জব্দ কৰে। টেবলেটখিনিৰ বজাৰ মূল্য প্রায় ৩৮ লাখ টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

August 13, 2026 11:51 AM

views 19

গুৱাহাটীৰ বৰাগাঁৱৰ এটা প্লাষ্টিকৰ ডেম্পত যোৱা নিশা প্ৰায় ১১ বজাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত

গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ এটা প্লাষ্টিকৰ ডেম্পত যোৱা নিশা প্ৰায় ১১ বজাত এটা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিনির্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে বহু সময় ধৰি চলোৱা প্ৰচেষ্টাৰ পিছত ডেম্পটোৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। বৃহৎ আকাৰৰ ডেম্পটোত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পিছত বৃহত্তৰ অঞ্চলটোত দুৰ্গন্ধ বিয়পি পৰে। শর্ট চাৰ্কিটৰ ফলতেই ডেম্পটোত জুইৰ সূত্ৰপাত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

July 30, 2026 11:47 AM

views 24

গুৱাহাটী মহানগৰীৰ বেতকুছিৰ সমীপত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু

গুৱাহাটী মহানগৰীৰ বেতকুছিৰ সমীপত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয়। পথৰ দাঁতিত ৰখাই থোৱা এখন ট্রাকত তীব্র বেগেৰে অহা আন এখন ট্রাকে খুন্দা মৰাৰ ফলতে ট্রাকচালক আৰু হেণ্ডিমেনজনৰ থিতাতে মৃত্যু হয়। মৃত লোক দুজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। দুৰ্ঘটনাত ৰখাই থোৱা ট্রাকখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধবস্ত হৈ পৰে। গড়চুক আৰক্ষীয়ে বৰ্তমান দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

July 17, 2026 8:44 PM

views 26

বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত মহানগৰীৰ যোৰাবাটৰ নমাইল আৰু দহমাইলত কৃত্ৰিম বানৰ সৃষ্টি

বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত মহানগৰীৰ যোৰাবাটৰ নমাইল আৰু দহমাইলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। এই কৃত্রিম বানৰ ফলত গুৱাহাটী যান বাহন আৰক্ষীয়ে জৰুৰী পথ নিৰ্দেশনা জাৰি কৰিছে। এই নির্দেশনা অনুযায়ী উজনি অসমৰ পৰা গুৱাহাটী অভিমুখী আহিবলগীয়া বাহনসমূহ সোনাপুৰৰ ডিগাৰু হৈ আহিবলৈ কোৱা হৈছে। একেদৰে গুৱাহাটীৰ পৰা উজনিলৈ যাবলগীয়া বাহনসমূহ নাৰেঙ্গী হৈ যাবলৈ এই নিৰ্দেশনা উল্লেখ কৰা হৈছে। কৃত্রিম বানৰ ফলত যোৰাবাটত যান-জটৰ সমস্যা হৈছে আৰু বহু বাহন কৃত্ৰিম বানৰ বাবে আৱদ্ধ হৈ আছে।

July 17, 2026 7:10 PM

views 31

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত উদ্যোগ বিকাশ কাৰ্যসূচীৰ বাবে ৰাজ্যৰ ৭৪,৬৯৪ গৰাকী লোকক প্ৰশিক্ষণ দিয়া হৈছে: বিমল বৰা

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত উদ্যোগ বিকাশ কাৰ্যসূচীৰ বাবে ৰাজ্যৰ ৭৪,৬৯৪ গৰাকী লোকক প্ৰশিক্ষণ দিয়া হৈছে। উদ্যোগ মন্ত্ৰী বিমল বৰাই আজি দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰি কৰে। তেওঁ কয়, যে অহা ৩১ জুলাইৰ ভিতৰত এই প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ হ'ব। উল্লেখযোগ্য যে, ৰাজ্যৰ উদ্যমী যুৱক-যুৱতীসকল উদ্যোগি হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰা হৈছিল। প্ৰথম পৰ্যায়ত এই আঁচনিৰ অধীনত মুঠ ২৫ হাজাৰ ২৭৭ গৰাকী যুৱক-যুৱতীক আৰ্থিক সাহায্য দিয়া হৈছিল। সংবাদমে...

July 17, 2026 6:25 PM

views 23

গুৱাহাটী মহানগৰীত নিয়ম নমনাকৈ চলোৱা গ্ৰীণ বাছৰ বিৰুদ্ধে অভিযান অব্যাহত

গুৱাহাটী মহানগৰীত নিয়ম নমনাকৈ চলোৱা গ্ৰীণ বাছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। শুকুৰবাৰে পৰিবহন বিভাগে অভিযান চলাই নিয়ম নমনা ১৫ খন গ্ৰীণ বাছ জব্দ কৰে। বৃহস্পতিবাৰে পৰিবহন বিভাগে অভিযান চলাই ৩৫ খন গ্ৰীণ বাছ জব্দ কৰিছিল। আনহাতে বিভাগটোৱে গ্ৰীণ বাছ চালকসকলৰ অনুজ্ঞাপত্ৰও দুমাহৰ বাবে বাতিল কৰে। উল্লেখযোগ্য যে, জব্দ কৰা গ্ৰীণ বাছসমূহ বেতকুছিত থকা পৰিবহন বিভাগৰ কাৰ্যালয় আৰু আন্তঃৰাজ্যিক বাছ আস্থানত ৰখা হৈছে। কিছুদিন পূর্বে গ্রীণ বাছে সংঘটিত কৰা দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছিল।

July 1, 2026 12:36 PM

views 36

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱস

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৪৮ চনৰ পহিলা জুলাইত আকাশবাণী শ্বিলং-গুৱাহাটী কেন্দ্ৰ স্থাপন কৰা হৈছিল। এই কেন্দ্ৰৰ জৰিয়তে অসমত অনাতাঁৰ সেৱাৰ প্ৰচাৰ আৰম্ভ হৈছিল। এই কেন্দ্ৰৰ প্ৰথমগৰাকী সঞ্চালক আছিল মেহেৰা মাছানী। কেন্দ্ৰটোৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত উবেইদুল লতিফ বৰুৱা, কমল নাৰায়ণ চৌধুৰী, পুৰুষোত্তম দাস আদি ব্যক্তিসকলে অসমত অনাতাঁৰ সেৱাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল। পৰৱৰ্তী সময়ত ফণী তালুকদাৰ, বীৰেন ফুকন, সাহিত্যিক ছৈয়দ আব্দুল মালিক, ড° মহ...

June 12, 2026 7:10 PM

views 36

গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে আমিনগাওঁৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পর্যালোচনা সভা অনুষ্ঠিত

গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি আমিনগাওঁৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল এছ চামচনে সভাপতিত্ব কৰা সভাত ভূ-অভিলেখ আৰু জৰীপৰ সঞ্চালক কৈলাশ কার্তিক এন উপস্থিত থাকে। সভাত কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্র, দৰং জিলাৰ জিলা আয়ুক্ত আয়ুষী জৈন আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ প্ৰতিনিধিসকলে প্ৰকল্পটোৰ বৰ্তমানৰ অগ্ৰগতি আৰু সময়মতে ৰূপায়ণ কৰাৰ লক্ষ্যৰে গ্ৰ...

June 2, 2026 2:26 AM

views 35

যশস্বী কবি-গীতিকাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ আজি পূণ্যতিথি উপলক্ষে শ্রদ্ধা নিবেদন

যশস্বী কবি-গীতিকাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ আজি পূণ্যতিথি উপলক্ষে শ্রদ্ধা নিবেদন কৰা হৈছে। বহু সুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক-সংস্কৃতিৰ এইগৰাকী গৱেষকে ‘সুদীৰ্ঘ দিন আৰু ঋতু’ শীৰ্ষক কাব্য সংকলনৰ বাবে ১৯৮৩ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্ৰন্থখন বাংলা, পঞ্জাৱী, হিন্দী, উৰিয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছিল। ড° বৰদলৈ ৰচিত গীতসমূহত ঊষা মংগেশকাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠ নিগৰাইছে। ১৯৯১ চনত অসম সাহিত্য সভাৰ ...