যশস্বী কবি-গীতিকাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ আজি পূণ্যতিথি উপলক্ষে শ্রদ্ধা নিবেদন

যশস্বী কবি-গীতিকাৰ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ আজি পূণ্যতিথি উপলক্ষে শ্রদ্ধা নিবেদন কৰা হৈছে। বহু সুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক-সংস্কৃতিৰ এইগৰাকী গৱেষকে ‘সুদীৰ্ঘ দিন আৰু ঋতু’ শীৰ্ষক কাব্য সংকলনৰ বাবে ১৯৮৩ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্ৰন্থখন বাংলা, পঞ্জাৱী, হিন্দী, উৰিয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছিল। ড° বৰদলৈ ৰচিত গীতসমূহত ঊষা মংগেশকাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠ নিগৰাইছে। ১৯৯১ চনত অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনত তেওঁ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। কেইবাখনো গীতৰ সংকলন, কাব্য সংকলন, শিশু সাহিত্য আৰু সম্পাদনা গ্রন্থ, আত্মজীৱনীকে ধৰি ভালেসংখ্যক লেখাৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰা বৰদলৈক ১৯৫৭ চনত শিশু সাহিত্যিকৰূপে ৰাষ্ট্ৰপতি বঁটা আগবঢ়োৱা হৈছিল। ১৯৮৭ চনত অসম সংস্কৃত সমাজৰ পৰা তেওঁ সৰস্বতী উপাধিৰে বিভূষিত হৈছিল। ২০০৪ চনৰ আজিৰ দিনটোত এইগৰাকী বিশিষ্ট সাহিত্যিকৰ দেহাৱসান ঘটে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত আজি সাহিত্যিকগৰাকীৰ পূণ্য তিথি উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ শতদল সাহিত্য সভাৰ উদ্যোগত আজি বিশেষ কাৰ্যসূচী লোৱা হৈছে। এই অনুষ্ঠানতে শিশু সাহিত্যিক হৃষিকেশ গোস্বামীক ড০ নিৰ্মলপ্ৰভা বৰদলৈ সাহিত্য বঁটাৰে সন্মানিত কৰা হয়।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ড° নিৰ্মলপ্ৰভা বৰদলৈৰ পূণ্যতিথি উপলক্ষে শ্রদ্ধা জ্ঞাপন কৰিছে। সাহিত্য গৱেষণা আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ অনবদ্য অৱদানে যুগে যুগে সমাজক আলোকিত কৰি থাকিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰদলৈৰ স্মৃতি দিৱস উপলক্ষে শ্রদ্ধা জ্ঞাপন কৰি দিয়া বাৰ্তাত কবি, সাহিত্যিক, গীতিকাৰ, গৱেষক আৰু শিক্ষাবিদ হিচাপে তেওঁৰ অৱদান অসমৰ জনজীৱনত স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।