মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত উদ্যোগ বিকাশ কাৰ্যসূচীৰ বাবে ৰাজ্যৰ ৭৪,৬৯৪ গৰাকী লোকক প্ৰশিক্ষণ দিয়া হৈছে। উদ্যোগ মন্ত্ৰী বিমল বৰাই আজি দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰি কৰে। তেওঁ কয়, যে অহা ৩১ জুলাইৰ ভিতৰত এই প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ হ’ব।
উল্লেখযোগ্য যে, ৰাজ্যৰ উদ্যমী যুৱক-যুৱতীসকল উদ্যোগি হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰা হৈছিল। প্ৰথম পৰ্যায়ত এই আঁচনিৰ অধীনত মুঠ ২৫ হাজাৰ ২৭৭ গৰাকী যুৱক-যুৱতীক আৰ্থিক সাহায্য দিয়া হৈছিল। সংবাদমেলত বিমল বৰাই কয়, যে ২৫,২৭৭ গৰাকী যুৱক-যুৱতীৰ ভিতৰত ১২,৯৭৬ গৰাকী যুৱক- যুৱতীক দ্বিতীয় কিস্তি সুদ মুক্ত ঋণ প্ৰদান কৰা হৈছে।
কাৰ্যক্ষমতা আৰু যোগ্যতাৰ মূল্যায়ণৰ ভিত্তিত দ্বিতীয় কিস্তিৰ ঋণ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, যে বাকী থকা ১২,৩১৩ গৰাকী যুৱক-যুৱতীক পুনৰ মূল্যায়ণ কৰি যোগ্য বিবেচিত হ’লে দ্বিতীয় কিস্তিৰ ঋণ দিয়া হ’ব। উদ্যোগ মন্ত্ৰী বিমল বৰাই জনোৱা মতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ত ৭৪,৬৯৪ গৰাকী যুৱক-যুৱতীক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে।
সংবাদমেলত বিমল বৰাই কয়, যে যিসকল উদ্যমীয়ে এই আঁচনি লাভ কৰাৰ পিছতো দ্বিতীয় পৰ্যায়ৰ ঋণ লাভৰ বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাই তেওঁলোকে ভালদৰে কাম কৰিবলৈ চেষ্টা কৰা উচিত।