July 18, 2026 11:21 AM

views 32

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৭৪,৬৯৪ গৰাকী আবেদনকাৰী বাছনি

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৭৪,৬৯৪ গৰাকী আবেদনকাৰীক ২ লাখ টকাৰ বিত্তীয় সাহায্যৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত ৭৪,৩৫০ গৰাকী সাধাৰণ শ্ৰেণীৰ আৰু ৩৪৪ গৰাকী পেছাদাৰী শ্ৰেণীৰ হিতাধিকাৰী।  উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই হিতাধিকাৰীসকলৰ একাউণ্টত প্ৰথম কিস্তিৰ ৭৫ হাজাৰ টকা জমা দিয়া হৈছে আৰু বাকী ২৫ হাজাৰ টকা মুকলি কৰি দিয়াৰ পূৰ্বে হিতাধিকাৰীৰ বাবে নিজ নিজ সমষ্টিৰ তিনিদিনীয়া বিশেষ প্...

July 17, 2026 7:10 PM

views 31

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত উদ্যোগ বিকাশ কাৰ্যসূচীৰ বাবে ৰাজ্যৰ ৭৪,৬৯৪ গৰাকী লোকক প্ৰশিক্ষণ দিয়া হৈছে: বিমল বৰা

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত উদ্যোগ বিকাশ কাৰ্যসূচীৰ বাবে ৰাজ্যৰ ৭৪,৬৯৪ গৰাকী লোকক প্ৰশিক্ষণ দিয়া হৈছে। উদ্যোগ মন্ত্ৰী বিমল বৰাই আজি দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰি কৰে। তেওঁ কয়, যে অহা ৩১ জুলাইৰ ভিতৰত এই প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ হ'ব। উল্লেখযোগ্য যে, ৰাজ্যৰ উদ্যমী যুৱক-যুৱতীসকল উদ্যোগি হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰা হৈছিল। প্ৰথম পৰ্যায়ত এই আঁচনিৰ অধীনত মুঠ ২৫ হাজাৰ ২৭৭ গৰাকী যুৱক-যুৱতীক আৰ্থিক সাহায্য দিয়া হৈছিল। সংবাদমে...

July 10, 2026 11:04 AM

views 23

জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পই ২৭ হাজাৰ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব : মন্ত্রী বিমল বৰা

জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পই ২৭ হাজাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কর্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বৰাই প্ৰকাশ কৰিছে। বিধানসভাত কালি বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয়, যে থলুৱা অসমীয়া দক্ষতাসম্পন্ন যুৱক-যুৱতীক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ কথা চিন্তা কৰা হৈছে। অসমৰ ৫০৮ গৰাকী মহিলাই নাৰ্ছপুৰা আৰু হোছুৰৰ টাটা ইলেকট্রনিক্‌ৰ সুবিধাসমূহত ছেমি কণ্ডাক্টৰ পেকেজিং আৰু ইলেক্ট্রনিক সামগ্রী নিৰ...

July 9, 2026 8:22 PM

views 21

সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্পৰ সংৰক্ষণ, উন্নীতকৰণ আৰু বজাৰ সম্প্ৰসাৰণ সন্দৰ্ভত বিধানসভাত আলোচনা

সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আদি মন্ত্রী বিমল বৰাই অসমৰ যিসমূহ কুটীৰ শিল্পই ৰাজ্যখনৰ সভ্যতা সংস্কৃতি বিকশাই তুলিছে তাৰ ভিতৰত কাঁহ-পিতল শিল্পৰ অন্যতম বুলি প্রকাশ কৰে। সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্পৰ সংৰক্ষণ, উন্নীতকৰণ আৰু বজাৰ সম্প্ৰসাৰণ সন্দৰ্ভত বিধানসভাত আজি বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰাই এনেদৰে কয়। মন্ত্রী শ্রীবৰাই অসমৰ ঐতিহ্যবাহী কাঁহ-পিতল শিল্পক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্রদানৰ উদ্দেশ্যে ২০২৪ চনত ভৌগোলিক সূচাংক বা জি আই টেগ প্রদান কৰা হৈছে বুলি প্র...

June 24, 2026 7:49 PM

views 24

প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে : মন্ত্রী বিমল বৰা

প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বৰাই প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত আত্মনিৰ্ভৰশীলতা বিষয়ক এখন কর্মশালাত অংশগ্ৰহণ কৰি শ্ৰীবৰাই আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰৰ নেতৃত্বত অসম ক্ৰমাৎ দেশৰ প্ৰতিৰক্ষা উৎপাদন মানচিত্রত শক্তিশালী স্থান দখলৰ দিশে আগবাঢ়িছে। তেওঁ লগতে খণ্ডটোৰ সৈতে জড়িত উদ্যোগসমূহক অসমত উৎপাদন কৰ...

December 16, 2025 6:58 PM

views 73

শিল্পী স্বাস্থ্য বীমা আঁচনিৰ এটা প’র্টেল আনুষ্ঠানিকভাৱে মুকলি বিমল বৰাৰ

সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি শিল্পী স্বাস্থ্য বীমা আঁচনিৰ এটা প'র্টেল আনুষ্ঠানিকভাৱে মুকলি কৰে। এই প'ৰ্টেলটোৰ জৰিয়তে শিল্পীসকলে ৰাজ্য চৰকাৰৰ শিল্পী স্বাস্থ্য বীমা আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। আজিৰ পৰা অহা ৭ জানুৱাৰীলৈ এই প'ৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। শিল্পীসকলে এই আঁচনিৰ অধীনত ৩ লাখ টকাৰ পৰা ৬ লাখ টকা পর্যন্ত চিকিৎসা সাহায্য লাভ কৰিব।

December 4, 2025 7:17 PM

views 65

বুঢ়ীদিহিঙৰ পাৰত আধুনিক প্রযুক্তিৰে আলুৰ বীজ ৰোপণ

ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অধীনৰ দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত বুঢ়ীদিহিঙৰ পাৰত আজি মন্ত্রী বিমল বৰাই আধুনিক প্রযুক্তিৰে আলুৰ বীজ ৰোপণ কৰে। বিগত বৰ্ষৰ দৰে এইবাৰো কৃষকসকলে আলু খেতিৰে স্বাৱলম্বী হোৱাৰ বাবে প্ৰচেষ্টা লৈছে। খেতিয়কসকলৰ মনোবল বৃদ্ধি কৰি তেওঁলোকক উৎসাহিত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে এই বীজ ৰোপণ কাৰ্যসূচীত ভাগ লয়। তেওঁ সকলোকে কৃষিৰ জৰিয়তে এখন আত্মনিৰ্ভৰ অসমৰ ভেটি গঢ়িবলৈ ঐক্যবদ্ধভাৱে কাম কৰিবৰ বাবে আহ্বান জনায়।

May 29, 2025 7:54 PM

views 80

ধেমাজিৰ কোলাজানৰ উত্তৰ অসমৰ প্ৰথমটো কম্প্ৰেছড নেচাৰেল গেছ অর্থাৎ চিএনজি ষ্টেচন আনুষ্ঠানিকভাৱে মুকলি

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি ধেমাজিৰ কোলাজানৰ উত্তৰ অসমৰ প্ৰথমটো কম্প্ৰেছড নেচাৰেল গেছ অর্থাৎ চিএনজি ষ্টেচন আনুষ্ঠানিকভাৱে মুকলি কৰে। ধেমাজিৰ বগীবিল দলং সংযোগী পথত থকা এটা তেল ডিপোত এই চিএনজি ষ্টেচন মুকলি কৰি শ্ৰীবৰাই সেউজ শক্তি ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে তুলনামূলকভাৱে সুলভ চিএনজি ব্যৱহাৰ কৰি যান বাহনৰ ইঞ্জিনসমূহ দীর্ঘদিনলৈ কাৰ্যক্ষম কৰি ৰাখিব পাৰি। পৰিৱেশ সংৰক্ষণ আৰু আৰ্থিক সঞ্চয়ৰ বাবে সকলোকে চিএনজি ব্যৱহাৰ কৰিব...

March 16, 2025 8:47 PM

views 81

দিহিংচাং সমবায় লিমিটেডৰ উদ্যোগত জৈৱিক পদ্ধতিৰে কৰা কৃষিৰ উৎপাদনক উৎসাহিত কৰাৰ উদ্দেশ্যে বজাৰত বিক্রেতা হিচাপে মন্ত্ৰী বিমল বৰা উপস্থিত

ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা আজি দিহিংচাং সমবায় লিমিটেডৰ উদ্যোগত জৈৱিক পদ্ধতিৰে কৰা কৃষিৰ উৎপাদনক উৎসাহিত কৰাৰ উদ্দেশ্যে বজাৰত বিক্রেতা হিচাপে উপস্থিত হয়। জিলাখনৰ মৰাণৰ দৈনিক বজাৰত ডিজিটেল তুলাচনীৰ সহায়ত আলু বিক্ৰীৰ নিৰ্দেশনাৰে মন্ত্ৰীগৰাকীয়ে স্থানীয় কৃষকসকলক উৎসাহিত কৰাৰ প্ৰয়াস চলায়। উল্লেখযোগ্য যে সমবায় সমিতিখনৰ উদ্যোগত জিৰো টিলেজ আৰু জৈৱিক পদ্ধতিৰে মৰাণৰ কৃষি বীজপামত পৰীক্ষামূলকভাৱে কৰা খেতিত উৎপাদিত আলু আজি প্রতি ...

February 14, 2025 6:45 PM

views 61

বিদেশী বিনিয়োগকাৰীৰ সমান্তৰালকৈ থলুৱা উদ্যোগীকো সমানে গুৰুত্ব দিয়া হ’বঃ বিমল বৰা

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিনিয়োগকাৰীক আদৰিবলৈ ৰাজ্য চৰকাৰ সাজু হৈছে। উদ্যোগ মন্ত্ৰী বিমল বৰাই জনোৱা অনুসৰি বিদেশী বিনিযোগকাৰীক বিমান বন্দৰৰ পৰা বিভিন্ন জনগোষ্ঠীৰ নৃত্যৰে আদৰণি জনোৱা হ'ব। বিদেশী বিনিয়োগকাৰীৰ সমান্তৰালকৈ থলুৱা উদ্যোগীকো সমানে গুৰুত্ব দিব বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে। থলুৱা বিনিয়োগকাৰীয়ে ৰাজ্য চৰকাৰৰ সৈতে ৫ লাখ টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব পাৰিব। মন্ত্ৰীগৰাকীয়ে ক্ষুদ্র উদ্যোগীসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ যথেষ্ট সঁহাৰি লাভ কৰা বু...