ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অধীনৰ দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত বুঢ়ীদিহিঙৰ পাৰত আজি মন্ত্রী বিমল বৰাই আধুনিক প্রযুক্তিৰে আলুৰ বীজ ৰোপণ কৰে। বিগত বৰ্ষৰ দৰে এইবাৰো কৃষকসকলে আলু খেতিৰে স্বাৱলম্বী হোৱাৰ বাবে প্ৰচেষ্টা লৈছে। খেতিয়কসকলৰ মনোবল বৃদ্ধি কৰি তেওঁলোকক উৎসাহিত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে এই বীজ ৰোপণ কাৰ্যসূচীত ভাগ লয়। তেওঁ সকলোকে কৃষিৰ জৰিয়তে এখন আত্মনিৰ্ভৰ অসমৰ ভেটি গঢ়িবলৈ ঐক্যবদ্ধভাৱে কাম কৰিবৰ বাবে আহ্বান জনায়।
Assamese | December 4, 2025 7:17 PM | Akashvani | Akashvani Guwahati | Bimal Bora | Dibrugrah | Potato
বুঢ়ীদিহিঙৰ পাৰত আধুনিক প্রযুক্তিৰে আলুৰ বীজ ৰোপণ