সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আদি মন্ত্রী বিমল বৰাই অসমৰ যিসমূহ কুটীৰ শিল্পই ৰাজ্যখনৰ সভ্যতা সংস্কৃতি বিকশাই তুলিছে তাৰ ভিতৰত কাঁহ-পিতল শিল্পৰ অন্যতম বুলি প্রকাশ কৰে। সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্পৰ সংৰক্ষণ, উন্নীতকৰণ আৰু বজাৰ সম্প্ৰসাৰণ সন্দৰ্ভত বিধানসভাত আজি বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰাই এনেদৰে কয়। মন্ত্রী শ্রীবৰাই অসমৰ ঐতিহ্যবাহী কাঁহ-পিতল শিল্পক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্রদানৰ উদ্দেশ্যে ২০২৪ চনত ভৌগোলিক সূচাংক বা জি আই টেগ প্রদান কৰা হৈছে বুলি প্রকাশ কৰে। কাঁহ-পিতল শিল্পৰ সামগ্রিক উন্নয়নৰ বাবে চাৰি বছৰীয়া পৰিকল্পনা কৰা হৈছে আৰু এই পৰিকল্পনা অনুসৰি বাজেটত ধন আবণ্টনৰ প্ৰস্তাৱ ৰখা হৈছে বুলি মন্ত্রী শ্রীবৰাই উল্লেখ কৰে।
Assamese | July 9, 2026 8:22 PM | Bimal Bora
সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্পৰ সংৰক্ষণ, উন্নীতকৰণ আৰু বজাৰ সম্প্ৰসাৰণ সন্দৰ্ভত বিধানসভাত আলোচনা