মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৭৪,৬৯৪ গৰাকী আবেদনকাৰীক ২ লাখ টকাৰ বিত্তীয় সাহায্যৰ বাবে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত ৭৪,৩৫০ গৰাকী সাধাৰণ শ্ৰেণীৰ আৰু ৩৪৪ গৰাকী পেছাদাৰী শ্ৰেণীৰ হিতাধিকাৰী।
উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই হিতাধিকাৰীসকলৰ একাউণ্টত প্ৰথম কিস্তিৰ ৭৫ হাজাৰ টকা জমা দিয়া হৈছে আৰু বাকী ২৫ হাজাৰ টকা মুকলি কৰি দিয়াৰ পূৰ্বে হিতাধিকাৰীৰ বাবে নিজ নিজ সমষ্টিৰ তিনিদিনীয়া বিশেষ প্রশিক্ষণ শিবিৰ বাধ্যতামূলক কৰা হৈছে। কৃষি, গাহৰি পালন, তাঁত শিল্প, হিচাপ-নিকাচকে ধৰি বিভিন্ন আত্ম-সংস্থাপনমূলক বিষয় সামৰি লোৱা এই প্ৰশিক্ষণসমূহ ৩১ জুলাইৰ ভিতৰত সম্পূৰ্ণ হ’ব আৰু ইয়াৰ পাছতে আগষ্টৰ প্ৰথম সপ্তাহতে বাকী ধনখিনি হিতাধিকাৰীৰ একাউণ্টলৈ হস্তান্তৰ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে।
তেওঁ কয়, যে ৰাজ্যৰ স্ব-নিয়োজন আৰু স্বাৱলম্বনৰ নতুন জোৱাৰ আনিবলৈ চৰকাৰে লোৱা এই সপোনক বাস্তৱায়িত কৰিবলৈ হ’লে কেৱল চৰকাৰী অনুদানেই নহয়, বৰং যুৱ প্ৰজন্মৰো সমান দায়িত্বশীলতাৰ প্ৰয়োজন।
তেওঁ কয়, যে প্ৰথম পৰ্যায়ত সাহায্য লাভ কৰা মুঠ ২৫ হাজাৰ ২৭৭ গৰাকী যুৱক-যুৱতীৰ ভিতৰত ১২ হাজাৰ ৯৭৬ গৰাকী হিতাধিকাৰীকহে দ্বিতীয় কিস্তিৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ চলোৱা ক্ষেত্ৰভিত্তিক পর্যালোচনাৰ অন্তত এই হিতাধিকাৰীসকলক দ্বিতীয় কিস্তিৰ বাবে বাছনি কৰা হৈছে।
বাকী ১২ হাজাৰ ৩১৩ গৰাকী হিতাধিকাৰীক পৰ্যায়ক্রমে পুনৰ মূল্যায়ন কৰা হ’ব আৰু যোগ্য বিবেচিত হ’লে হিতাধিকাৰীসকলে আঁচনিৰ নিৰ্ধাৰিত নিৰ্দেশনা অনুসৰি দ্বিতীয় কিস্তি লাভ কৰিব। প্ৰতিগৰাকী হিতাধিকাৰীক সঠিকভাৱে কাম কৰিবলৈ মন্ত্ৰী বৰাই আহ্বান জনায়।
উল্লেখযোগ্য যে ৰাজ্যৰ উদ্যমী যুৱক-যুৱতীসকলক উদ্যোগী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ২০২৩ চনত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰা হৈছিল।