প্ৰতিৰক্ষা সামগ্রী উৎপাদনৰ ক্ষেত্ৰত অসমৰ অপাৰ সম্ভাৱনীয়তা আছে বুলি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বৰাই প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত আত্মনিৰ্ভৰশীলতা বিষয়ক এখন কর্মশালাত অংশগ্ৰহণ কৰি শ্ৰীবৰাই আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বৈত ইঞ্জিনযুক্ত চৰকাৰৰ নেতৃত্বত অসম ক্ৰমাৎ দেশৰ প্ৰতিৰক্ষা উৎপাদন মানচিত্রত শক্তিশালী স্থান দখলৰ দিশে আগবাঢ়িছে। তেওঁ লগতে খণ্ডটোৰ সৈতে জড়িত উদ্যোগসমূহক অসমত উৎপাদন কৰিবলৈ আৰু উৎপাদন গোট স্থাপন কৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্রালয়ৰ সামগ্রী উৎপাদনৰ দায়িত্বত থকা অতিৰিক্ত সচিব দিনেশ মাহুৰ, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড০ জে পি এক্কাৰ লগতে ডি আৰ ডি অ’, ভাৰত ইলেকট্রনিকছ লিমিটেড, আই আই টি গুৱাহাটী আৰু অন্যান্য প্রতিষ্ঠানৰ প্ৰতিনিধিসকল উপস্থিত থাকে।