সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ ডিব্ৰুগড় আৰু চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। বৈঠকত ক্ষুদ্র চাহ খেতিয়কসকলৰ বিভিন্ন সমস্যা সন্দর্ভত পর্যালোচনা কৰা হয়। বৈঠকত সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ কেন্দ্রীয় সমিতিৰ সম্পাদক জগত সন্দিকৈ, উপ সভাপতি যোগেশ বিকাশ চেতিয়া, উপদেষ্টা লোহিত বৰগোঁহাই, ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক নির্মল চেতিয়া আৰু চৰাইদেউ জিলা সমিতিৰ সম্পাদক শ্যামল নায়ককে ধৰি কেইবাখনো আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।
Assamese | October 11, 2026 7:58 PM | Bimal Bora
উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাৰ গুৰুত্বপূর্ণ বৈঠক