হোজাইত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰীসকলৰ সৈতে মন্ত্ৰী বিমল বৰাৰ মত-বিনিময়

উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই আজি হোজাইত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে।

অনুষ্ঠানত হিতাধিকাৰীসকলৰ উদ্যম, উদ্ভাৱনী চিন্তা আৰু সফলতাৰ কাহিনী শুনি মন্ত্ৰী শ্ৰীবৰা আনন্দিত হোৱা বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে এই ধবজাবাহী আঁচনিয়ে ৰাজ্যৰ যুৱ প্ৰজন্মক নতুন কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা উদ্যমী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। হিতাধিকাৰীসকলক এই আঁচনিৰ জৰিয়তে লাভ কৰা ধনৰ সদ্ব্যৱহাৰ কৰিবলৈ তেওঁ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।