December 5, 2025 7:16 PM

views 49

ঘন কুঁৱলীৰ বাবে যান-বাহন চলাচলৰ ক্ষেত্ৰত হোজাই জিলা প্রশাসনৰ নীতি-নির্দেশনা জাৰি

শীতকালত ঘন কুঁৱলীৰ বাবে হ'ব পৰা পথ দুর্ঘটনা হ্রাস কৰাৰ বাবে হোজাই জিলা প্রশাসনে যান-বাহন চলাচলৰ ক্ষেত্ৰত নীতি-নির্দেশনা জাৰি কৰিছে। জিলা আযুক্ত বিদ্যুৎ বিকাশ ভাগবতীয়ে আজি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰি কয়, যে এই নির্দেশনা অনুসৰি জিলাখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত বিয়লি ৫ বজাৰ পৰা পুৱা ৮ বজালৈ ডাম্পাৰ চলাচল বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই সময়ছোৱাত এই পথসমূহত ই-ৰিক্সাৰ চলাচলো বন্ধ কৰা হৈছে। তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথত সকলো গধুৰ যান-বাহনৰ বেগ প্রতি ঘণ্টাত ৪০ কিলোমিটাৰ আৰু লঘু বাহনৰ বেগ প্রতি ঘণ্...

November 22, 2025 7:05 PM

views 44

হোজাইত আজি ভাৰতীয় জনতা পার্টীৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত

হোজাই বিহুতলী ৰাজহুৱা খেলপথাৰত ভাৰতীয় জনতা পার্টীৰ আজি বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়কদ্বয় ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্রকে ধৰি দলৰ কেইবাজনো জ্যেষ্ঠ নেতা সভাত উপস্থিত থাকে। সমাগত বিধানসভা নির্বাচনত বিজেপি দলে ১২৬ খন আসনতে প্রতিদ্বন্দিতা কৰিব আৰু মিত্ৰদলৰ লগত আলোচনা কৰি কোন সমষ্টিত কাক প্রার্থী হিচাপে নিক্ষেপ কৰিব তাৰ সিদ্ধান্ত লব বুলি দলৰ সভাপতি দিলীপ শইকীয়াই জানিবলৈ দিয়ে।

September 2, 2025 7:04 PM

views 68

হোজাইত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক প্ৰদান

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি হোজাই জিলাত ৩১ হাজাৰ ৯১০ গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক প্ৰদান কৰে। এই অভিযানৰ জৰিয়তে কৃষি, পশুপালন, বয়নশিল্প, হস্তশিল্পকে ধৰি বিভিন্ন খণ্ডত স্বাৱলম্বী মহিলা উদ্যমীসকল উপকৃত হব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ড° শৰ্মাই জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেল পথাৰত আয়োজিত অনুষ্ঠানত এই কাৰ্যসূচীত অংশ লয়। ইয়াৰ পাছত তেওঁ ডবকাত নৱ নির্মিত গীতাশ্রম উদ্বোধন কৰাৰ লগতে গোপাল জীউ মন্দিৰত পূজা অৰ্চনা কৰে। মুখ্যমন্ত্ৰীয়ে হোজাইৰ সাগৰবস্তিৰ...

August 4, 2025 8:04 PM

views 47

হোজাইত ভিন্ন সজাগতাৰে জিলা প্ৰশাসনৰ বিশেষ অভিযান ৰূপায়ণ

হোজাই জিলাত পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লগতে বাল্য বিবাহ, শিশু শ্ৰমিক আৰু মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টিৰ বাবে জিলা প্ৰশাসনে বিশেষ অভিযান ৰূপায়ণ কৰিছে। এই উপলক্ষে হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত এখন বিশেষ বাহনৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে এই যাত্ৰাৰ শুভাৰম্ভ কৰে।

May 27, 2025 8:05 PM

views 65

লংকাৰ দুই নম্বৰ ৰে’ল গে’টৰ ওপৰত নিৰ্মাণ হৈ থকা উৰণ সেতুখন অহা ৩১ আগষ্টৰ ভিতৰত মুকলি

হোজাই জিলা আয়ুক্তই লংকাৰ দুই নম্বৰ ৰে'ল গে’টৰ ওপৰত নিৰ্মাণ হৈ থকা উৰণ সেতুখন অহা ৩১ আগষ্টৰ ভিতৰত মুকলি কৰি দিয়া হ'ব বুলি আশ্বাস দিছে। উল্লেখযোগ্য যে বিগত ৭-৮ বছৰ ধৰি লংকা চহৰলৈ প্ৰৱেশ কৰা মূল পথৰ দুই নম্বৰ ৰে'ল গে’টৰ ওপৰত উৰণ সেতুখন নিৰ্মাণ হৈ আছে। উৰণ সেতুখন লেহেমীয়া গতিত নিৰ্মাণ হৈ থকা পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। তদুপৰি কিছুদিন পূৰ্বে উৰণ সেতুখন নিৰ্মাণৰ অজুহাতত যাতায়াত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল। ইয়াৰ বিৰুদ্ধে লংকা চহৰলৈ অহা- যোৱা পথ সম্পূৰ্ণৰূপে বন্...

May 22, 2025 6:59 PM

views 64

হোজাইত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

হোজাই জিলাৰ লংকাত এক নম্বৰ ৰে’ল গে’ৰ্টৰ ওপৰত নিৰ্মীয়মান উৰণ সেতুৰ কাম অতি লেহেমীয়া গতিত হৈ থকা কাৰ্যৰ বিৰোধিতা কৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অঞ্চলটোৰ ৰাইজেও এই কাৰ্যসূচীত অংশ লয়। প্ৰতিবাদী জনসাধাৰণে বহু সময় ধৰি পথ অৱৰোধ কৰি ৰখাত ৰে'লপথৰ দুয়ো কাষে বহুসংখ্যক বাহন আবদ্ধ হৈ পৰে। প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্তই এমাহৰ ভিতৰত এই সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি নিদিয়া পর্যন্ত পথ অৱৰোধ কাৰ্যসূচী অব্যাহত থাকিব বুলি দাবী কৰে।

May 20, 2025 8:23 PM

views 49

হোজাই বন সুৰক্ষা বাহিনীৰ অভিযানত অবৈধভাৱে সৰবৰাহ কৰা চেগুণ কাঠ ভৰ্তি বাহন জব্দ

হোজাই বন সুৰক্ষা বাহিনীয়ে আজি পুৱা অভিযান চলাই জিলাখনৰ নন্দপুৰৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা চেগুণ কাঠ ভৰ্তি বাহন এখন জব্দ কৰে। জব্দ কৰা কাঠখিনি আনুমানিক বজাৰ মূল্য লক্ষাধিক টকা হ'ব বুলি অভিযানকাৰী বন বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। বন সুৰক্ষা বাহিনীয়ে কাঠসমূহ নিজ কার্যালয়লৈ লৈ গৈ তদন্ত অব্যাহত ৰাখিছে।

March 21, 2025 8:03 PM

views 78

হোজাইৰ কাকী ডিমৰু পথাৰ সমন্বয় ক্ষেত্ৰত ডিমৰু মহোৎসৱ আৰম্ভ

হোজাইৰ কাকী ডিমৰু পথাৰ সমন্বয় ক্ষেত্ৰত আজি ডিমৰু মহোৎসৱ আৰম্ভ হৈছে। ডিমৰু অঞ্চলৰ জনগোষ্ঠীসমূহৰ কলা-সংস্কৃতিৰ প্ৰদৰ্শনেৰে আৰম্ভ হোৱা ডিমৰু মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মূল তোৰণ আৰু বাণিজ্য মেলাৰ দ্বাৰ মুকলি কৰা হয়। কাকী বনাঞ্চলত ২৩ টা জাতি-জনগোষ্ঠী সমন্বয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত ডিমৰু মহোৎসৱত কৃষ্টি-সংস্কৃতি, থলুৱা খাদ্য সম্ভাৰ প্ৰদৰ্শনৰ লগতে বাণিজ্য মেলা আৰু মুকলি সভাৰো আয়োজন কৰা হৈছে।