মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি হোজাই জিলাত ৩১ হাজাৰ ৯১০ গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক প্ৰদান কৰে। এই অভিযানৰ জৰিয়তে কৃষি, পশুপালন, বয়নশিল্প, হস্তশিল্পকে ধৰি বিভিন্ন খণ্ডত স্বাৱলম্বী মহিলা উদ্যমীসকল উপকৃত হব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ড° শৰ্মাই জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেল পথাৰত আয়োজিত অনুষ্ঠানত এই কাৰ্যসূচীত অংশ লয়। ইয়াৰ পাছত তেওঁ ডবকাত নৱ নির্মিত গীতাশ্রম উদ্বোধন কৰাৰ লগতে গোপাল জীউ মন্দিৰত পূজা অৰ্চনা কৰে। মুখ্যমন্ত্ৰীয়ে হোজাইৰ সাগৰবস্তিৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ নতুন চৌহদো মুকলি কৰে। বিশ্ববিদ্যালয়ৰ ছাৰ জগদীশ চন্দ্র বসু চৌহদ মুকলি কাৰ্যসূচীত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষেও অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ৫৭ কোটি ৩৪ লাখ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ চৌহদত উপাচাৰ্যৰ কাৰ্যালয়, প্রশাসনিক কার্যালয়, ডিজিটেল শ্রেণীকোঠা, গৱেষণা আৰু গৱেষক কক্ষ, সন্মিলন কক্ষ, ফেকাল্টি কক্ষ, কম্পিউটাৰ লেবৰেটৰী, স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীকোঠা আদি থকাৰ লগতে উদ্যানশস্য আদিৰো ব্যৱস্থা আছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
Assamese | September 2, 2025 7:04 PM | CM | Hojai
হোজাইত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক প্ৰদান