October 3, 2026 11:07 AM

views 8

অহা ১০ বছৰত বাঁহ অসমৰ মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্রকাশ

অহা ১০ বছৰত বাঁহ অসমৰ মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। ইয়াৰ ফলত ৰাজ্যৰ বাঁহ খেতিয়কসকল যথেষ্ট উপকৃত হ'ব বুলি তেওঁ কয়। ৰাজ্যত বহনক্ষম যাতায়াত ব্যৱস্থাৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰি কালি গুৱাহাটীৰ সতী ৰাধিকা শান্তি উদ্যানত অসমত উৎপাদিত বাঁহেৰে নির্মিত চাইকেল মুকলি কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। ড০ শৰ্মাই কয়, যে বাঁহেৰে চাইকেল নিৰ্মাণৰ এই প্রয়োগ সফল হ'লে ভৱিষ্যতে ৰাজ্য চৰকাৰে পৃষ্ঠ পোষকতা আগবঢ়াব। বাঁহৰ পৰা ৮০০ বিধ সামগ্ৰী প্ৰস্ত...

September 30, 2026 10:44 AM

views 25

দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি মুখ্যমন্ত্ৰীৰ প্ৰথম শিলচৰ ভ্রমণ

অহা ৩ অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰনিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। শিলচৰৰ বিজেপিৰ কাৰ্য্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত মন্ত্ৰী কৌশিক ৰায়ে কয় যে, প্ৰতিটো ৱাৰ্ডতে প্ৰচাৰ অভিযান চলি আছে আৰু ৰাইজৰ ইতিবাচক সঁহাৰি পোৱা গৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমবাৰ শিলচৰ ভ্ৰমণ কৰিব। তেওঁ বিয়লি ৪ বজাত শিলচৰ পুলিচ পেৰেড গ্রাউণ্ডত এখন নির্বাচনী সভাত অংশ ল'ব। ড০ শৰ্মাই দলীয় কর্মী সমর্থক সকলকো সম্বোধন কৰিব। মুখ্যম...

September 25, 2026 7:27 PM

views 16

উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ উদ্যোগীসকলৰ বাবে মুখ্যমন্ত্ৰীৰ নৰ্থ-ইষ্ট সেৱা ফাৰ্ষ্ট ইন ভেচন চেলেঞ্জ কাৰ্যসূচীৰ শুভাৰম্ভ

উত্তৰ-পূৰ্বাঞ্চলৰ উদ্ভাৱনী প্ৰতিভা আৰু যুৱ উদ্যোগীসকলৰ বাবে এখন মঞ্চ প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৰ্থ-ইষ্ট সেৱা ফাৰ্ষ্ট ইন'ভেচন চেলেঞ্জ ২০২৬ শুভাৰম্ভ কৰে। গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। ড০ শৰ্মাই তেওঁৰ ভাষণত কয়, যে যুৱক-যুৱতীসকল কেৱল প্ৰযুক্তি ব্যৱহাৰকাৰী হৈ নাথাকি নতুন প্রযুক্তি আৰু ইয়াৰ সমাধানৰ স্ৰষ্টাও হ'ব লাগিব। নৰ্থ-ইষ্ট সেৱা ফাৰ্ষ্ট ইন ভেচন চেলেঞ্জে এই লক্ষ্যৰে...

September 17, 2026 1:01 PM

views 30

মুখ্যমন্ত্রী আন্তনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আজি হিতাধিকাৰীসকলৰ মাজত আর্থিক সাহায্য বিতৰণ

মুখ্যমন্ত্রী আন্তনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ অধীনত আজি হিতাধিকাৰীসকলৰ মাজত আর্থিক সাহায্য বিতৰণ কৰা হয়। গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই অভিযানৰ অধীনত মুঠ ৮২ হাজাৰ ২১৯ গৰাকী হিতাধিকাৰীক ২৭৮ কোটিৰো অধিক টকাৰ সাহায্য বিতৰণ কৰে।

September 2, 2026 1:39 PM

views 34

আৰক্ষীত নতুনকৈ ১৫ ৰ পৰা ২০ হাজাৰ নতুন যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

অনাগত সময়ত আৰক্ষীত ১৫ ৰ পৰা ২০ হাজাৰ নতুন যুৱক-যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে জেষ্ঠ্য আৰক্ষী অধীক্ষক সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহত অংশলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে প্ৰমাণপত্ৰ লাভ কৰিবলগীয়া অসম আৰক্ষীৰ ৩২ গৰাকী উপ-আৰক্ষী অধীক্ষক আৰু ৩৭১ গৰাকী কনিষ্টবলৰ বাবে আজিৰ দিনটো প্ৰাপ্তি আৰু গৌৰৱৰ দিন বুলি অভিহিত কৰে। তেওঁ কয...

August 19, 2026 1:43 PM

views 24

ৰূপনগৰত কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় মুকলি

ৰাজ্যৰ প্ৰশাসনিক আন্তঃগাঁথনি সৱলীকৰণৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ৰূপনগৰত মুকলি কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে নতুন পৰিকল্পনাক বাস্তৱ ৰূপ দি এই কাৰ্য্যালয় নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰে। ৮১ কোটি ২০ লাখ টকা ব্যয় সাপেক্ষ কাৰ্য্যালয় ভৱনটোৰ তিনিটা মহলাত ২১ টা কাৰ্য্যলয় থাকিব। এই চৌহদতে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়, কোষাগাৰ, খাদ্য আৰু যোগান বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্য্যালয়ত জনসাধাৰণ...

August 19, 2026 11:02 AM

views 42

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক’ ছেনচিটিভ জ’ন সন্দৰ্ভত বহুলোকে নুবুজাকৈ মন্তব্য কৰি আছে বুলি মুখ্যমন্ত্ৰীৰ মত প্ৰকাশ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱিকভাৱে স্পৰ্শকাতৰ অঞ্চল অর্থাৎ ইক' ছেনচিটিভ জ’ন সন্দৰ্ভত বহুলোকে নুবুজাকৈ মন্তব্য কৰি আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। তেওঁ কয়, যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ লোকেই কাজিৰঙাক সুৰক্ষা কৰিব। ইক' ছেনচিটিভ জনৈক লৈ একাংশ লোকে নুবুজাকৈ ভ্ৰান্ত তথ্য প্ৰচাৰ কৰি আছে বুলিও মুখ্যমন্ত্রীয়ে প্ৰকাশ কৰে। ইপিনে ৰাষ্ট্ৰীয় উদ্যানখনৰ ইক’ ছেনচিটিভ জ’নৰ পৰিসৰ বৰ্তমানৰ ১০ কিলোমিটাৰৰ পৰিৱৰ্তে এক কিলোমিটাৰলৈ হ্ৰাস কৰাক লৈ বিভিন্ন দল-সংগঠনে প্রতিবাদ স...

July 3, 2026 1:09 PM

views 30

ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস

ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয়, যে এই হাৰ, ২০১৮ চনৰ ৪১ ৰ পৰা ২০২৪ চনত ২৯ লৈ কমিছে। তেওঁ কয়, যে বিগত বছৰকেইটাত স্বাস্থ্যখণ্ডত গ্ৰহণ কৰা সুপৰিকল্পিত নীতি, নিৰন্তৰ বিনিয়োগ আৰু স্বাস্থ্যকৰ্মীসকলৰ অক্লান্ত প্ৰচেষ্টাৰ বাবেই এই সাফল্য লাভ কৰিব পৰা গৈছে। নৱজাতকৰ উপৰি প্ৰসৱৰ সময়ত মাতৃৰ মৃত্যুৰ হাৰ, কিশোৰীৰ গৰ্ভধাৰণো হ্ৰাস পাইছে আৰু শিশু জন্মৰ সময়ত স্বাস্থ্য সেৱা নিশ্চিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰক...

January 21, 2026 12:52 PM

views 86

জীৱন অনুপ্ৰেৰণা আঁচনিৰ সাহায্যৰাশি অহা ১১ ফেব্ৰুৱাৰীৰ পৰা বিতৰণ

 গৱেষক শিক্ষার্থীসকলৰ সহায়ক হোৱাকৈ জীৱন অনুপ্ৰেৰণা আঁচনিৰ সাহায্যৰাশি অহা ১১ ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে শিক্ষার্থীসকলে গবেষণা সুচাৰুৰূপে চলাই ৰাজ্যৰ শৈক্ষিক উত্তৰণৰ একো একোজন অগ্রণী সেনানি হোৱাত উৎসাহ যোগোৱাৰ উদ্দেশ্যে এই আঁচনিখন গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত গবেষক শিক্ষার্থীসকললৈ ২৫ হাজাৰ টকাকৈ আৰু দিব্যাংগ গবেষক ছাত্র-ছাত্রীসকলক ৪০ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব।

January 12, 2026 12:28 PM

views 65

চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ

সদৌ অসম চুতীয়া জাতি সম্মিলনৰ উদ্যোগত আৰু চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত তিতাবৰৰ জালুকনিবাৰী বীৰপাল ক্ষেত্রত অনুষ্ঠিত চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহত কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই কার্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ অতি প্রাচীন জাতি চুতীয়াসকলৰ সোণালী ইতিহাস, গৌৰৱময় সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতিফলনেৰে আয়োজন কৰা এই অনুষ্ঠানত ভাগ লৈ তেওঁ অতিশয় আনন্দিত হৈছে। বহু ঐতিহাসিক ঘটনাৰাজি আৰু বীৰ বীৰাংগনাৰ কালজয়ী গাথাঁৰে চুতীয়া জাতিৰ...