January 10, 2026 6:53 PM

views 72

কাইলৈ উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন

উত্তৰ গুৱাহাটীৰ ৰংমহলত কাইলৈ সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ'ব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত আইন মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্রী অর্জুন ৰাম মেঘৱাল, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, সন্দীপ মেহতা, এন কৌটিশ্বৰ সিং, বিজয় বিষ্ণয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ উপস্থিত থকাৰ কথা। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন ২৪ গৰাকী ন্যায়াধীশো উপস্থিত থাকিব। মুখ্যমন্ত্রী ড০...

January 10, 2026 6:46 PM

views 56

দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোনো কাৰণতে দুর্নীতিক প্রশ্রয় দিয়া নাই আৰু আগলৈও এই ক্ষেত্ৰত চৰকাৰে কঠোৰ স্থিতি গ্রহণ কৰিব। ২০২৫ বৰ্ষত ৰাজ্য চৰকাৰৰ দুর্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে দুর্নীতি নির্মূলৰ ক্ষেত্ৰত অভিলেখ সংখ্যক কার্য সম্পন্ন কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে বিগত বৰ্ষত দুর্নীতি নিৰীক্ষণ আৰু নিবাৰণ...

January 8, 2026 7:22 PM

views 59

ডিব্ৰুগড়ত ২৩ হাজাৰ মহিলাৰ মাজত উদ্যমিতা পুঁজিৰ চেক বিতৰণ মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ খোৱাং বিধান সভা সমষ্টিৰ আত্মসহায়ক গোটৰ প্ৰায় ২৩ হাজাৰ মহিলাৰ মাজত উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰে। ৰাঙচালি পঞ্চায়তৰ ৰাজহুৱা খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্রী যোগেন মহন, স্থানীয় বিধায়ক চক্ৰধৰ গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে আজি লখিমপুৰ জিলাত উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে ১৩২ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশ লয়। মুখ্যমন্ত্...

January 2, 2026 12:46 PM

views 66

সত্ৰৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্রদান আঁচনিৰ আজি শুভাৰম্ভ

সত্ৰৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্রদান আঁচনিৰ আজি শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত তেওঁলোকক মাহিলী এহেজাৰ ৫০০ টকাকৈ আর্থিক অনুদান প্রদান কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভবনত আয়োজিত অনুষ্ঠানত আঁচনি মুকলি কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়, যে ৰাজ্যৰ সত্ৰৰ ভকতসকলৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতিস্বৰূপে এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছে। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকে।

December 18, 2025 6:47 PM

views 80

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ দেহাৱসানত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ যোৱা নিশা উত্তৰ প্ৰদেশৰ নয়ডাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০০ বছৰ। পদ্মভূষণ সন্মানেৰে বিভূষিত ভাস্কৰ্য্য শিল্পীগৰাকী গুজৰাটত স্থাপন কৰা বিশ্বৰ সবাটোকৈ ওখ প্রতিমূর্তি একতাৰ মূৰ্তিৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে জনাজাত। তেওঁ লাচিত বৰফুকনৰ বিশাল প্রতিমূর্তি আৰু অলপতে উন্মোচন কৰিবলগীয়া লোকপ্ৰীয় গোপীনাথ বৰদলৈৰ প্ৰতিমূর্তিও নির্মাণ কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাম সুতাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ড০ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা ব...

December 11, 2025 12:05 PM

views 62

অচিনাকী মানুহক মাটি বিক্রী কৰিলে জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব বুলি মুখ্যমন্ত্রীৰ ৰাজ্যবাসীক সতর্কবাণী

অচিনাকী মানুহক মাটি বিক্রী কৰিলে জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যবাসীক সতর্কবাণী শুনাইছে। জাতিটোক জীয়াই ৰাখিবলৈ নিৰন্তৰ সংগ্রাম কৰি যাব লাগিব বুলি উল্লেখ কৰি আর্থিক অসুবিধা হ'লেও অচিনাকী মানুহক মাটি বিক্রী নকৰিবলৈ আৰু ব্যৱসায়, উদ্যোগ আদিত অচিনাকী মানুহক নিয়োগ নকৰিবলৈ মুখ্যমন্ত্রীয়ে ৰাজ্যবাসীক আহ্বান জনাইছে। ৰাজ্যৰ অর্থনীতি, মাটি, সংস্কৃতি আনৰ হাতত এৰি দিয়া জাতিৰ বহ্নিমান শিখা নির্বাপিত হ'বলৈ বেছি সময় নালাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কালি নিজৰ জাতি,...

December 9, 2025 7:17 PM

views 87

কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয়, যে ১৯৮৫ চনত অসম আন্দোলনৰ পাছত অসম চুক্তি স্বাক্ষৰিত হৈছিল। সকলোৱে ৰাজ্যখনক লৈ ইতিবাচক মনোভাৱ পোষণ কৰি আছিল যদিও আলফাকে ধৰি বিভিন্ন উগ্রবাদ তথা গুপ্তহত্যাৰ দৰে বিষয়সমূহে ৰাজ্যখনৰ সমাজ ব্যৱস্থা স্খলিত কৰিছিল বুলি তেওঁ উল্লেখ কৰে। এনে নেতিবাচক পৰিৱেশৰ পৰিৱৰ্তে সম্প্ৰতি ৰাজ্যখন উন্নয়ন আৰু প্ৰগতিৰ নতুন দিগন্তৰ ...

December 6, 2025 11:49 AM

views 85

সমাগত বিধানসভা নির্বাচনত বিজেপিয়ে নতুন প্রার্থীক অগ্রাধিকাৰ দিব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

সমাগত বিধানসভা নির্বাচনত বিজেপিয়ে নতুন প্রার্থীক অগ্রাধিকাৰ দিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। উমৰাংদ্ভুত কালি আয়োজিত অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে কালি কয়, যে এই নির্বাচনত মহিলা আৰু যুৱ শক্তিক প্রাধান্য দিয়া হ'ব। দলটোক তৰুণৰ শক্তিৰে শক্তিশালী কৰি তোলাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তদুপৰি সৰহসংখ্যক আসনতে বিজেপি আৰু অগপয়ে বুজা বুজিৰে প্ৰতিদ্বন্দ্বিত কৰিব বুলি মুখ্যমন্ত্রীয়ে স্পষ্ট কৰি দিয়ে। অগপৰ সৈতে ইতিমধ্যে আসন বুজাব...

December 6, 2025 11:44 AM

views 64

দুদিনীয়া ভ্রমণসূচীৰে মুখ্যমন্ত্রী আজি শিলচৰলৈ ৰাওনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা দুদিনীয়া ভ্রমণসূচীৰে আজি শিলচৰলৈ যাব। তেওঁ হাইলাকান্দি আৰু শিলচৰত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে শিলচৰত উপস্থিত হৈ হাইলাকান্দিলৈ যাব আৰু তাত দিনৰ ভাগত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰিব। কাইলৈও মুখ্যমন্ত্রীয়ে কেইবাটাও কার্যসূচীত অংশ ল'ব।

December 4, 2025 12:40 PM

views 57

অপৰাধৰ তদন্তৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে শীর্ষস্থানত আছে বুলি কেন্দ্রীয় গৃহ মন্ধ্যালয়ৰ প্রকাশ

অপৰাধৰ তদন্তৰ ক্ষেত্ৰত অসম সম্প্রতি দেশৰ ভিতৰতে শীর্ষস্থানত আছে বুলি কেন্দ্রীয় গৃহ মন্ধ্যালয়ে প্রকাশ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫ হাজাৰ ৮১৮ গৰাকী বাছনি লাভ কৰা প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান কৰি দিয়া ভাষণত এই কথা উল্লেখ কৰে। নতুন ফৌজদাৰী আইনৰ অধীনত অসম আৰক্ষীয়ে অনুসন্ধানৰ ক্ষেত্ৰত সৰ্বশ্রেষ্ঠ পাৰদৰ্শিতা দেখুৱাইছে বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে পূৰ্বৰ ...