November 27, 2025 7:58 PM

views 61

এ আইৰ জৰিয়তে মুখ্যমন্ত্রীক লৈ ভিডিঅ প্ৰস্তুত কৰা গোচৰত ৩জন কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ

আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে আজি কৃত্রিম বুদ্ধিমত্তা, এ আইৰ জৰিয়তে ভিডিঅ প্ৰস্তুত কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক জনমানসত হেয় প্রতিপন্ন কৰা গোচৰত তিনিজন কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা কংগ্রেছ কর্মীকেইজনক মাজুলীৰ জিলা কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্যপ্রযুক্তি শাখাৰ অধ্যক্ষ জিবেশ্বৰ গাম, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্র উপেন ৰাজ নাথ আৰু নগাঁও জিলাৰ জুৰিয়াৰ ছাহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। দুষ্টচক্রই এ আইৰ জৰিয়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাঙুৰি অমিতাভ বচ্চনে ...

November 22, 2025 8:21 PM

views 66

মুখ্যমন্ত্রীৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চন্তৰীয় সমিতিৰ প্ৰতিবেদন কার্যকৰীকৰণ সন্দর্ভত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হৈছে। দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই আলোচনাত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰিছে। ইপিনে, অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰাই কালি এই সন্দৰ্ভত জনতা ভৱনৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ উচ...

November 22, 2025 7:04 PM

views 80

অভয়াপুৰীত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ ২৩, ৯৪৯ গৰাকী সদস্যাক চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ ২৩ হাজাৰ ৯৪৯ গৰাকী সদস্যাক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। অভয়াপুৰীৰ অভয়েশ্বৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ড০ শৰ্মাই তেওঁৰ চৰকাৰে ৰাইজক দিয়া প্রতিশ্রুতিসমূহ পূৰণ কৰিছে বুলি মন্তব্য কৰে। বৰ্তমান ৰাজ্যখনৰ মহিলাসকল আত্মনির্ভৰশীল হোৱাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ আত্মসম্মান বৃদ্ধি পাইছে। অনুষ্ঠানত মুখ্...

November 20, 2025 12:33 PM

views 66

আজি চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট পৰীক্ষাত উত্তীর্ণ প্রার্থীক নিযুক্তি পত্ৰ প্ৰদান

স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি বিয়লি গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট তথা নিযুক্তি পৰীক্ষাত উত্তীর্ণ প্রার্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। ইয়াৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ চাৰিগৰাকী, স্নাতক শিক্ষকৰ ১৭৭, নিম্ন প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ ৯৮ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ ৯৮ গৰাকী প্রার্থী আছে। অনুষ্ঠানত উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ লগতে চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বাব...

November 17, 2025 1:06 PM

views 76

লণ্ডন সংগ্ৰহালয় কর্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ

গুৰুজনাৰ অপূর্ব সৃষ্টি বৃন্দাবনী বস্তু অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কর্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। লণ্ডনলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে কথা প্রকাশ কৰে। আজিৰ দিনটো অসমৰ লগতে ভাৰতবৰ্ষৰ বাবে এটা অত্যন্ত গুৰুত্ব দিন বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়, যে ব্রিটিছ সংগ্ৰহালয়ৰ সৈতে অসম চৰকাৰে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰ পাছত ল'নিং এৰেঞ্জমেণ্টৰ বিশেষ মাধ্যমেৰে বৃন্দাবনী বস্তু অসমলৈ অনাটো সম্ভৱ হ...

November 12, 2025 8:17 PM

views 80

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি কৰে। এই আঁচনিৰ অধীনত চলিত বছৰৰ পহিলা জানুৱাৰী বা তাৰ পাছত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়াললৈ ধনৰাশি প্ৰদান কৰা হ'ব। আঁচনিৰ অধীনত সর্বাধিক ১ কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা আৰু ন্যূনতম ২ কোটি টকাৰ বিমান দুর্ঘটনাজনিত বীমা প্ৰদান কৰা হ'ব। একেদৰে, সম্পূৰ্ণৰূপে বিকলাংগ হোৱা সকলক সর্বাধিক ১ কোটি টকাৰ বীমা আৰু আংশিকভাৱে বিকলাংগলৈ ৮০ লাখ টকাৰ বীমাৰ সুবিধা আগবঢ়োৱা হ'ব। আঁচনিখনৰ অধীনত ন্যূনতম ...

November 12, 2025 12:27 PM

views 66

জনজাতীয় লোকক বসুন্ধৰা আঁচনিৰ জৰিয়তে ৫০ বিঘা পৰ্যন্ত ভূমিস্বত্ব দিয়া হব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰাজ্যৰ জনজাতীয় লোকসকলক বসুন্ধৰা আঁচনিৰ অধীনত ৫০ বিঘা পর্যন্ত ভূমিৰ অধিকাৰ দিয়া হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ধৰ্তিত আবা বীৰচা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যজুৰি উদযাপিত জনজাতীয় গৌৰৱ বৰ্ষ পষেকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ মুঠ চাৰি হাজাৰ ৬৭৩ টা জনজাতীয় পৰিয়ালক ভূমি স্বত্ব পত্ৰ বিতৰণ কৰি এই কথা প্রকাশ কৰে। তেওঁ কয়, যে বসুন্ধৰা আঁচনিৰ প্ৰথম পৰ্যায়ত প্রায় ডেৰ লাখ জনজাতীয় লোকে ভূমি পট্টা লাভ কৰিছিল যদিও আন বহু লোকে এই সুবিধ...

November 10, 2025 12:56 PM

views 93

স্বৰ্গদেউ চাওলুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাত নতুন গ্রীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে স্বৰ্গদেউ চাওলুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাত এখন নতুন গ্রীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে। এই বিশ্ববিদ্যালয়খনত কলা আৰু বিজ্ঞান শাখাৰ উপৰি বাণিজ্য আৰু ব্যৱসায় ব্যৱস্থাপনা পাঠ্যক্ৰমৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ'ব আৰু এই বিষয়ত বিশ্ববিদ্যালয়খনক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ড০ শৰ্মাই কয়, যে অহা ২৫ নৱেম্বৰত আৰম্ভ ...

November 6, 2025 6:49 PM

views 75

ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্যত ব্যৱহাৰ হ’বলগীয়া ২৭০টা অমৃত কলহ গহপুৰলৈ প্ৰেৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গহপুৰত ছহিদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্যত ব্যৱহাৰ হ'বলগীয়া অমৃত কলহ কঢ়িয়াই নিয়া বাহনৰ আজি শুভাৰম্ভ কৰে। বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপনৰ বাবে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণ কৰি ৰখা ২৭০টা অমৃত কলহ গহপুৰলৈ লৈ যোৱা হ'ব। উল্লেখযোগ্য যে 'মোৰ মাটি, মোৰ দেশ' কাৰ্যসূচীৰ অংশ হিচাপে ২০২৩ বৰ্ষৰ ২০ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত অমৃত কলহ যাত্ৰাৰ ৰূপায়ণ কৰি প্ৰতিখন গাঁও আৰু পৌৰ এলেকাৰ প্ৰতিটো ৱাৰ্ডৰ পৰা সংগ্ৰহ কৰা মাটি বা চাউল অমৃত কলহত সংগ্ৰহ কৰা হৈছিল।...

November 3, 2025 6:56 PM

views 52

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অভিযোগনামা ১০ ডিচেম্বৰৰ ভিতৰতে দাখিল কৰা হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ অন্তত ডিচেম্বৰৰ ১০ তাৰিখৰ ভিতৰতে অভিযোগনামা দাখিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰ প্ৰকাশ কৰিছে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, যে এই অভিযোগনামা ১৭ ডিচেম্বৰৰ পূৰ্বে দাখিল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও ৮ তাৰিখৰ ভিতৰতে এই অভিযোগনামা দাখিলৰ বাবে মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিছে। অভিযোগনামা দাখিল প্ৰক্ৰিয়াত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ অনুমোদন প্রয়োজন হোৱা হেতুকে মুখ্যমন্ত্ৰীয়ে কালি এই অনুমোদনৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃ...