সমাগত বিধানসভা নির্বাচনত বিজেপিয়ে নতুন প্রার্থীক অগ্রাধিকাৰ দিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। উমৰাংদ্ভুত কালি আয়োজিত অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে কালি কয়, যে এই নির্বাচনত মহিলা আৰু যুৱ শক্তিক প্রাধান্য দিয়া হ’ব। দলটোক তৰুণৰ শক্তিৰে শক্তিশালী কৰি তোলাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তদুপৰি সৰহসংখ্যক আসনতে বিজেপি আৰু অগপয়ে বুজা বুজিৰে প্ৰতিদ্বন্দ্বিত কৰিব বুলি মুখ্যমন্ত্রীয়ে স্পষ্ট কৰি দিয়ে। অগপৰ সৈতে ইতিমধ্যে আসন বুজাবুজি সন্দৰ্ভত আলোচনা আগবাঢ়িছে বুলি তেওঁ কয়। শীঘ্ৰেই ৰাজ্যিক বিজেপিয়ে আনুষ্ঠানিকভাৱে অগপৰ সৈতে আসন বুজাবুজিক লৈ আলোচনা কৰিব বুলি তেওঁ উল্লেখ কৰে। একেদৰে ৰাভা হাচং আৰু গণ শক্তিৰ সৈতে মিত্ৰতাৰ বিষয়টো অহা ১৫ জানুৱাৰীৰ পূৰ্বে চূড়ান্ত কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
Assamese | December 6, 2025 11:49 AM | CM
সমাগত বিধানসভা নির্বাচনত বিজেপিয়ে নতুন প্রার্থীক অগ্রাধিকাৰ দিব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ