মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ ২৩ হাজাৰ ৯৪৯ গৰাকী সদস্যাক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। অভয়াপুৰীৰ অভয়েশ্বৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ড০ শৰ্মাই তেওঁৰ চৰকাৰে ৰাইজক দিয়া প্রতিশ্রুতিসমূহ পূৰণ কৰিছে বুলি মন্তব্য কৰে। বৰ্তমান ৰাজ্যখনৰ মহিলাসকল আত্মনির্ভৰশীল হোৱাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ আত্মসম্মান বৃদ্ধি পাইছে। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ প্রাঙ্গনত ৰাণী অভয়েশ্বৰীৰ এটি প্রতিমূর্তিও উন্মোচন কৰে। উল্লেখযোগ্য যে বিজনীৰ ৰাজপৰিয়ালৰ এগৰাকী প্ৰজাপ্ৰিয় ৰাণী অভয়েশ্বৰী দেৱীয়ে জনসাধাৰণৰ কল্যাণৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল। এইগৰাকী ৰাজমাতাৰ প্ৰতিমূর্তি উন্মোচন কৰিবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা বুলি ড০ শর্মাই উল্লেখ কৰে।
Assamese | November 22, 2025 7:04 PM | CM
অভয়াপুৰীত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ ২৩, ৯৪৯ গৰাকী সদস্যাক চেক বিতৰণ