আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে আজি কৃত্রিম বুদ্ধিমত্তা, এ আইৰ জৰিয়তে ভিডিঅ প্ৰস্তুত কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক জনমানসত হেয় প্রতিপন্ন কৰা গোচৰত তিনিজন কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা কংগ্রেছ কর্মীকেইজনক মাজুলীৰ জিলা কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্যপ্রযুক্তি শাখাৰ অধ্যক্ষ জিবেশ্বৰ গাম, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্র উপেন ৰাজ নাথ আৰু নগাঁও জিলাৰ জুৰিয়াৰ ছাহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। দুষ্টচক্রই এ আইৰ জৰিয়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাঙুৰি অমিতাভ বচ্চনে পৰিচালনা কৰা কৌন বনেগা কড়ৌৰপতি নামৰ অনুষ্ঠানৰ ভুৱা ভিডিঅ’ প্ৰস্তুত কৰি অপপ্ৰচাৰ চলোৱাৰ অভিযোগত অপৰাধ অনুসন্ধান বিভাগৰ চাইবাৰ থানাত ৰুজু কৰা গোচৰৰ সংক্ৰান্তত এই লোককেইজনক গ্ৰেপ্তাৰ কৰা হয়। অপৰাধ অনুসন্ধান বিভাগে ঘটনা সংক্রান্তত চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুকো সোধা-পোছা কৰি আছে।
Assamese | November 27, 2025 7:58 PM | CM
এ আইৰ জৰিয়তে মুখ্যমন্ত্রীক লৈ ভিডিঅ প্ৰস্তুত কৰা গোচৰত ৩জন কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ