November 3, 2025 12:36 PM
91
মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ আজি শুভাৰম্ভ
স্নাতক উত্তীর্ণ যুৱক-যুৱতীসকলক সকাহ দিয়াৰ উদ্দেশ্যে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ উদ্যোগত আজি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভবনত এই উপলক্ষে আজি বিয়লি আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই আঁচনিখন মুকলি কৰিব। অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্রী প্রশান্ত ফুকন উপস্থিত থাকিব। এই আঁচনিৰ জৰিয়তে চাকৰিৰ সন্ধানত থকা যুৱক যুৱতীসকলক বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতি আদিৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ এবছৰলৈ প্ৰতিমাহে দুহেজাৰ ৫০০ টকাকৈ আর্থিক ...