মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি কৰে। এই আঁচনিৰ অধীনত চলিত বছৰৰ পহিলা জানুৱাৰী বা তাৰ পাছত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়াললৈ ধনৰাশি প্ৰদান কৰা হ’ব। আঁচনিৰ অধীনত সর্বাধিক ১ কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা আৰু ন্যূনতম ২ কোটি টকাৰ বিমান দুর্ঘটনাজনিত বীমা প্ৰদান কৰা হ’ব। একেদৰে, সম্পূৰ্ণৰূপে বিকলাংগ হোৱা সকলক সর্বাধিক ১ কোটি টকাৰ বীমা আৰু আংশিকভাৱে বিকলাংগলৈ ৮০ লাখ টকাৰ বীমাৰ সুবিধা আগবঢ়োৱা হ’ব। আঁচনিখনৰ অধীনত ন্যূনতম ১০ লাখ টকাৰ ম্যাদী জীৱন বীমাৰ সুবিধা আগবঢ়োৱা হ’ব। ৰাজ্যখনৰ ঠিকাভিত্তিক আৰু ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীসকলকো এই আঁচনিত সামৰি লোৱা হ’ব।
Assamese | November 12, 2025 8:17 PM | CM
ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি