স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি বিয়লি গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট তথা নিযুক্তি পৰীক্ষাত উত্তীর্ণ প্রার্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। ইয়াৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ চাৰিগৰাকী, স্নাতক শিক্ষকৰ ১৭৭, নিম্ন প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ ৯৮ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ ৯৮ গৰাকী প্রার্থী আছে। অনুষ্ঠানত উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ লগতে চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বাবে ২০২৫-২৬ বর্ষত নামভর্তি কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক মাচুল ৰেহাই শিক্ষানুষ্ঠানলৈ ধনৰাশি প্ৰদান কৰা হ‘ব। ইয়াৰ ফলত চাৰি লাখৰো অধিক শিক্ষার্থী উপকৃত হ‘ব। অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড উপস্থিত থাকিব।
Assamese | November 20, 2025 12:33 PM | CM
আজি চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭ গৰাকী টেট পৰীক্ষাত উত্তীর্ণ প্রার্থীক নিযুক্তি পত্ৰ প্ৰদান