September 2, 2026 1:39 PM | CM

printer

আৰক্ষীত নতুনকৈ ১৫ ৰ পৰা ২০ হাজাৰ নতুন যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

অনাগত সময়ত আৰক্ষীত ১৫ ৰ পৰা ২০ হাজাৰ নতুন যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে জেষ্ঠ্য আৰক্ষী অধীক্ষক সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহত অংশলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে প্ৰমাণপত্ৰ লাভ কৰিবলগীয়া অসম আৰক্ষীৰ ৩২ গৰাকী উপ-আৰক্ষী অধীক্ষক আৰু ৩৭১ গৰাকী কনিষ্টবলৰ বাবে আজিৰ দিনটো প্ৰাপ্তি আৰু গৌৰৱৰ দিন বুলি অভিহিত কৰে। তেওঁ কয়, যে আধুনিক নিৰাপত্তা সঁজুলি আৰু চাইবাৰ নিৰাপত্তাৰ ওপৰত এই আৰক্ষীসকলে প্রশিক্ষণ লাভ কৰিছে। এই অভিজ্ঞতাই তেওঁলোকক আধুনিক প্রযুক্তিগতভাৱে সু-সজ্জিত কৰি তুলিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত সকলো শূন্য সহনশীল হব লাগিব। তেওঁ বহুবিবাহ, বাল্যবিবাহৰ বিৰুদ্ধে নিৰন্তৰে যুঁজ দিবলৈ অসম আৰক্ষীক আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত ড্ৰাগছৰ বিৰুদ্ধে যুঁজ অধিক শক্তিসালী কৰাৰ কথা ঘোষণা কৰে। অৰুণাচলৰ চাংলাৰে তিনিচুকীয়া হৈ ড্ৰাগচ সৰবৰাহৰ নতুন পথ গঢ় লৈ উঠা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া, ডিব্ৰুগড়, বৰাক, গোলাঘাট, শিৱসাগৰত আৰক্ষীক অধিক কঠোৰ হোৱাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে কাৰ্বি আংলং, ডিমা হাচাও আৰু নগাঁৱত মাদক দ্ৰব্যৰ প্ৰৱেশ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।

(বাইট) (চি .এম)

অনুষ্ঠানত দিয়া ভাষণত আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙে স্মাৰ্ট আৰক্ষী আৰু আদৰ্শ আৰক্ষী প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ শক্তিশালী ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে, প্রশিক্ষণ সমাপ্ত কৰা এই আৰক্ষী কৰ্মীসকলে নতুন প্রযুক্তিৰে অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ সুযোগ লাভ কৰিব ।

(বাইট)

অনুষ্ঠানত পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ আৰু জেষ্ঠ্য আৰক্ষী বিষয়াসহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সন্মিলনত মাদক দ্রব্য সৰবৰাহ প্ৰতিৰোধক মূল বিষয় হিচাপে লোৱা হৈছে।