ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস পাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয়, যে এই হাৰ, ২০১৮ চনৰ ৪১ ৰ পৰা ২০২৪ চনত ২৯ লৈ কমিছে। তেওঁ কয়, যে বিগত বছৰকেইটাত স্বাস্থ্যখণ্ডত গ্ৰহণ কৰা সুপৰিকল্পিত নীতি, নিৰন্তৰ বিনিয়োগ আৰু স্বাস্থ্যকৰ্মীসকলৰ অক্লান্ত প্ৰচেষ্টাৰ বাবেই এই সাফল্য লাভ কৰিব পৰা গৈছে। নৱজাতকৰ উপৰি প্ৰসৱৰ সময়ত মাতৃৰ মৃত্যুৰ হাৰ, কিশোৰীৰ গৰ্ভধাৰণো হ্ৰাস পাইছে আৰু শিশু জন্মৰ সময়ত স্বাস্থ্য সেৱা নিশ্চিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে।
Assamese | July 3, 2026 1:09 PM | CM
ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ চকুত লগা ধৰণে হ্ৰাস