ৰাজ্যৰ প্ৰশাসনিক আন্তঃগাঁথনি সৱলীকৰণৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ৰূপনগৰত মুকলি কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে নতুন পৰিকল্পনাক বাস্তৱ ৰূপ দি এই কাৰ্য্যালয় নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰে। ৮১ কোটি ২০ লাখ টকা ব্যয় সাপেক্ষ কাৰ্য্যালয় ভৱনটোৰ তিনিটা মহলাত ২১ টা কাৰ্য্যলয় থাকিব। এই চৌহদতে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়, কোষাগাৰ, খাদ্য আৰু যোগান বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্য্যালয়ত জনসাধাৰণে সুবিধা লাভ কৰিব পাৰিব বুলি তেওঁ প্ৰকাশ কৰে।
অনুষ্ঠানত দিয়া ভাষণত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাজ্য চৰকাৰৰ এই পদক্ষেপে চৰকাৰৰ সা-সুবিধা সমূহ সংহত আৰু সমন্বিত ৰূপত লাভ কৰাত জনসাধাৰণক সহায় কৰিব বুলি উল্লেখ কৰে । এই কাৰ্যালয় ভৱনৰ মুঠ এলেকা ১২ হাজাৰ ৬৯৫ বর্গ কিলোমিটাৰ। সৌৰশক্তি চালিত এই কাৰ্যালয়টোৰ দ্বিতীয় মহলাত জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ কোঠা থাকিব। অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ কাৰ্যালয়ৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ো থাকিব। অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, বিধায়ক প্ৰদ্যুৎ বৰদলৈ, দিল্লুৰঞ্জন শৰ্মা, বিজয় কুমাৰ গুপ্তা আৰু তপন দাসৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।