কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱিকভাৱে স্পৰ্শকাতৰ অঞ্চল অর্থাৎ ইক’ ছেনচিটিভ জ’ন সন্দৰ্ভত বহুলোকে নুবুজাকৈ মন্তব্য কৰি আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। তেওঁ কয়, যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ লোকেই কাজিৰঙাক সুৰক্ষা কৰিব। ইক’ ছেনচিটিভ জনৈক লৈ একাংশ লোকে নুবুজাকৈ ভ্ৰান্ত তথ্য প্ৰচাৰ কৰি আছে বুলিও মুখ্যমন্ত্রীয়ে প্ৰকাশ কৰে। ইপিনে ৰাষ্ট্ৰীয় উদ্যানখনৰ ইক’ ছেনচিটিভ জ’নৰ পৰিসৰ বৰ্তমানৰ ১০ কিলোমিটাৰৰ পৰিৱৰ্তে এক কিলোমিটাৰলৈ হ্ৰাস কৰাক লৈ বিভিন্ন দল-সংগঠনে প্রতিবাদ সাব্যস্ত কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় উদ্যানখনৰ এই পৰিসৰ হ্ৰাস সন্দৰ্ভত অসম চৰকাৰক এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰ লগতে বিশিষ্ট পৰিৱেশবিদ, বিশেষজ্ঞ আৰু স্থানীয় লোকৰ সৈতে আলোচনামৰ্মে সিদ্ধান্ত ল’বলৈ আহ্বান জনাইছে। চি পি আই দলে এটা বিবৃতিযোগে চৰকাৰক ইক’ ছেনচিটিভ জ’ন সংকুচিত কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়। ইপিনে চৰকাৰৰ এই প্ৰস্তাৱক সমর্থন জনাই বৃহত্তৰ কাজিৰঙাত কালি স্থানীয় ৰাইজে সমদল উলিয়ায়। কলিয়াবৰৰ কুঠৰীত আৰম্ভ হোৱা এই সমদলত বাগৰি, কুঠৰিকে ধৰি কাজিৰঙাৰ দাঁতিকাষৰীয়া ভালেমান অঞ্চলৰ লোকে অংশগ্ৰহণ কৰে। দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলৰ অধিকাৰ আৰু উন্নয়নৰ স্বাৰ্থত ১০ কিলোমিটাৰৰ পৰিৱৰ্তে ইক’ ছেনচিটিভ জ’নৰ পৰিসৰ এক কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে কলিয়াবৰ সমজিলা আয়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ইফালে মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ ইক’ ছেনচিটিভ জ’নৰ পৰিসৰ এক কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱক মিচিং ছাত্ৰ সংগঠন টি এম পি কেও সমর্থন জনাইছে। মিছিং জিৰণিচৰাত আয়োজিত এখন সংবাদমেলত সংগঠনটোৱে ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তই কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক উপকৃত কৰিব বুলি প্ৰকাশ কৰে ।
Assamese | August 19, 2026 11:02 AM | CM
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক’ ছেনচিটিভ জ’ন সন্দৰ্ভত বহুলোকে নুবুজাকৈ মন্তব্য কৰি আছে বুলি মুখ্যমন্ত্ৰীৰ মত প্ৰকাশ