গৱেষক শিক্ষার্থীসকলৰ সহায়ক হোৱাকৈ জীৱন অনুপ্ৰেৰণা আঁচনিৰ সাহায্যৰাশি অহা ১১ ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ‘ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে শিক্ষার্থীসকলে গবেষণা সুচাৰুৰূপে চলাই ৰাজ্যৰ শৈক্ষিক উত্তৰণৰ একো একোজন অগ্রণী সেনানি হোৱাত উৎসাহ যোগোৱাৰ উদ্দেশ্যে এই আঁচনিখন গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত গবেষক শিক্ষার্থীসকললৈ ২৫ হাজাৰ টকাকৈ আৰু দিব্যাংগ গবেষক ছাত্র-ছাত্রীসকলক ৪০ হাজাৰ টকাকৈ প্ৰদান কৰা হ‘ব।
Assamese | January 21, 2026 12:52 PM | CM
জীৱন অনুপ্ৰেৰণা আঁচনিৰ সাহায্যৰাশি অহা ১১ ফেব্ৰুৱাৰীৰ পৰা বিতৰণ