ৰাজ্যৰ উদ্যোগ ক্ষেত্ৰ নতুন নতুন বিকাশেৰে উদ্ভাসিত হৈছে আৰু জনসাধাৰণৰ সহায়-সহযোগিতাত অসমে নতুন দিগন্ত স্পৰ্শ কৰিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ডিমা হাচাওৰ উমৰাংছ’ত কালি এটা চিমেণ্ট উৎপাদন উদ্যোগৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়। এই ঔদ্যোগিক প্ৰকল্পই ডিমা হাচাওৰ অৰ্থনৈতিক বিকাশৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে এহেজাৰৰো অধিক লোকক কর্মসংস্থাপনৰ সুযোগ দিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত উমৰাংছ’ৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে উল্লেখ কৰি ড° শৰ্মাই কয়, যে অঞ্চলটোলৈ পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে হোটেল, ৰিজৰ্ট আদি নিৰ্মাণৰ বাবে কৰ্তৃপক্ষক আহ্বান জনোৱা হৈছে। এই ক্ষেত্ৰসমূহত স্থানীয় যুৱক-যুৱতীসকল নিয়োজিত হ’ব পাৰিব বুলি তেওঁ উল্লেখ কৰে। পৰ্যটন খণ্ডক উন্নত কৰাৰ বাবে ডিমা হাচাওত এটা বিমান বন্দৰ নিৰ্মাণৰ বাবেও প্ৰচেষ্টা চলাই থকা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
Assamese | October 31, 2026 11:28 AM | CM
অসমৰ উদ্যোগ ক্ষেত্ৰ নতুন বিকাশেৰে উদ্ভাসিত হৈছে আৰু জনসাধাৰণৰ সহায়-সহযোগিতাত ৰাজ্যখনে নতুন দিগন্ত স্পৰ্শ কৰিব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য