অহা ৩ অক্টোবৰত হ’বলগীয়া শিলচৰ পৌৰনিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। শিলচৰৰ বিজেপিৰ কাৰ্য্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত মন্ত্ৰী কৌশিক ৰায়ে কয় যে, প্ৰতিটো ৱাৰ্ডতে প্ৰচাৰ অভিযান চলি আছে আৰু ৰাইজৰ ইতিবাচক সঁহাৰি পোৱা গৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমবাৰ শিলচৰ ভ্ৰমণ কৰিব। তেওঁ বিয়লি ৪ বজাত শিলচৰ পুলিচ পেৰেড গ্রাউণ্ডত এখন নির্বাচনী সভাত অংশ ল’ব। ড০ শৰ্মাই দলীয় কর্মী সমর্থক সকলকো সম্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাত অসম সচিবালয়ৰ কাম-কাজ পৰিচালনা সম্পৰ্কীয় পৰ্য্যালোচনা বৈঠকত অংশ ল’ব। ইয়াৰ পাছত তেওঁ ৰাইজৰ সৈতে মত বিনিময় কৰিব।
ইপিনে মন্ত্ৰী অতুল বৰাই কালি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই। তেওঁ চাৰিখন প্ৰচাৰ সভাত অংশ লৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ আহ্বান জনায়। ইয়াৰপাছত তেওঁ বিজেপি কাছাৰ জিলা সমিতিৰ কাৰ্য্যালয়ত মন্ত্ৰী কৌশিক ৰয়, সাংসদ পৰিমল শুক্লবৈদ্য, ৰাজ্যসভাৰ সাংসদ কনাড পুৰকায়স্থৰ লগতে দলৰ শীৰ্ষ নেতাসকলৰ সৈতে মত বিনিময় কৰে।