October 3, 2026 11:25 AM

views 17

শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ

শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্রহণ প্ৰক্ৰিয়া পুৱা চাৰে সাত বজাৰ পৰা আৰম্ভ হৈছে। বিয়লি চাৰি বজালৈ হ'বলগীয়া ভোটগ্ৰহণত ৪২ টা ৱাৰ্ডৰ বাবে মুঠ ১৩৩ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰা হ'ব । বিজেপিৰ মনোনীত প্রার্থীয়ে ইতিমধ্যে দুটা ৱাৰ্ডত বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে ৩০৩টা ভোটগ্রহণ কেন্দ্ৰত ভোটদান প্রক্রিয়া চলি আছে। ইফালে, ৰাজ্যিক নির্বাচন আয়োগে আজি ভোটগ্রহণ কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পোষ্টাৰ, বেনাৰ, মাইক্ৰ'ফোন আদিৰ ব্যৱহাৰ ইতিমধ্যে নিষি...

September 30, 2026 10:44 AM

views 22

দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি মুখ্যমন্ত্ৰীৰ প্ৰথম শিলচৰ ভ্রমণ

অহা ৩ অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰনিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। শিলচৰৰ বিজেপিৰ কাৰ্য্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত মন্ত্ৰী কৌশিক ৰায়ে কয় যে, প্ৰতিটো ৱাৰ্ডতে প্ৰচাৰ অভিযান চলি আছে আৰু ৰাইজৰ ইতিবাচক সঁহাৰি পোৱা গৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমবাৰ শিলচৰ ভ্ৰমণ কৰিব। তেওঁ বিয়লি ৪ বজাত শিলচৰ পুলিচ পেৰেড গ্রাউণ্ডত এখন নির্বাচনী সভাত অংশ ল'ব। ড০ শৰ্মাই দলীয় কর্মী সমর্থক সকলকো সম্বোধন কৰিব। মুখ্যম...

September 25, 2026 8:03 PM

views 15

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে আজি দলৰ পৌৰ এলেকা উন্নয়ন সংকল্প পত্ৰ উন্মোচন

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে আজি দলৰ পৌৰ এলেকা উন্নয়ন সংকল্প পত্ৰ উন্মোচন কৰে। শিলচৰৰ বংগ ভৱনত আয়োজিত অনুষ্ঠানত এখন স্বচ্ছ, সুন্দৰ আৰু পৰিকল্পিত চহৰ হিচাপে গঢ়ি তোলাৰ কথা ঘোষণা কৰা হয়। অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই শিলচৰ চহৰৰ পানী সমস্যা বিজ্ঞানসন্মতভাৱে সমাধানৰ বাবে উপযুক্ত আঁচনি প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমান্তৰালকৈ বৰাক উপত্যকাৰ উন্নয়নতো চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। এই অনুষ্ঠানত খাদ্...

September 16, 2026 12:06 PM

views 7

শিলচৰত অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছ দলৰ ১৫ জন নেতা-কৰ্মীক ৩ বছৰৰ বাবে নিলম্বন

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছ দলে দলটোৰ ১৫ জন নেতা-কৰ্মীক ৩ বছৰৰ বাবে নিলম্বন কৰিছে। ইয়াৰ ভিতৰত আবেদন কৰি টিকট লাভ নকৰা দুজন নির্দলীয় প্রার্থীও আছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে দলৰ অনুশাসন ভংগ কৰাৰ বাবে এই নেতা-কর্মীসকলক নিলম্বন কৰা হৈছে। প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱাই এই নিৰ্দেশ জাৰি কৰিছে ।

September 15, 2026 11:44 AM

views 16

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ১৭ চেপ্তেম্বৰ

 শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ কালি শিলচৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা কৰা হয়। ৪২ টা ৱাৰ্ডৰ ১৬২ খন মনোনয়ন পত্ৰৰ ভিতৰত ১৫১ খন মনোনয়ন পত্র বৈধ বুলি ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ১৭ চেপ্তেম্বৰ।

September 11, 2026 7:54 PM

views 8

অহা ৩ অক্টোবৰত শিলচৰ পৌৰ নিগম নিৰ্বাচন অনুষ্ঠিত

শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজা পর্যন্ত ৪২ টা ৱাৰ্ডৰ মনোনীত প্রার্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপি মিত্ৰজোঁটৰ লগতে কংগ্ৰেছ দলৰ প্রার্থীসকলেও বিশাল শোভাযাত্ৰাৰে মনোনয়ন পত্ৰ দাখিল কৰা পৰিলক্ষিত হয়। মনোনীত প্রার্থীসকলে দলীয় কর্মী আৰু শুভাকাংক্ষীসকলে হাতে হাতে দলীয় পতাকা লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। অহা ১৪ ছেপ্তেম্বৰত প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব আৰু ১৭ ছেপ্তেম্বৰত বিয়লি তিনি বজা পর্যন্ত প্রার্থীসকলে মনোনয়ন প্ৰত্যাহাৰ...

September 5, 2026 6:39 PM

views 16

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্রস্তুতি আৰম্ভ

অহা ৩ অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে প্রস্তুতি আৰম্ভ কৰিছে। দলটোৱে ৪২ টা ৱাৰ্ড নিজৰ দখললৈ অনাৰ বাবে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰিছে। এই নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আজি শিলচৰত এখন বিশাল কাৰ্য্যকর্তা সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত দিয়া ভাষণত বিত্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, যে যোৱা বিধানসভা নিৰ্বাচনৰ দৰেই পৌৰ নিগম নির্বাচনতো সকলো ৱাৰ্ডতে বিজেপিয়ে বিজয় সাব্যস্ত কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৌৰ সভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছে ...

November 22, 2025 8:31 PM

views 80

শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটীলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৌশিক ৰায়ৰ

শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটীলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো অহা জানুৱাৰী মাহৰ পৰা কাৰ্যক্ষম হ'ব। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী কৌশিক ৰায়ে আজি এই কথা প্রকাশ কৰে। এই ঘাইপথটোৱে শিলচৰ-গুৱাহাটী যাত্রা সুচল আৰু ক্ষীপ্ৰ কৰি তুলিব বুলিও মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। আজি মন্ত্ৰীগৰাকীয়ে হাৰাংগাজাওৰ পৰা জাতিঙ্গালৈ যোৱা পথটোৰ নিৰ্মাণ কাৰ্যও পৰিদৰ্শন কৰে। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে হাৰাংগাজাওৰ পৰা নিৰিমবাংলোলৈ ৪৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ কাম দ্রুতগতিত আগবঢ়িছে। পৰিকল্পনা অনুসৰি ...

September 9, 2025 7:25 PM

views 56

শিলচৰত মাদক দ্ৰৱ্যৰ আসক্তিৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টিৰ বাবে সভাৰ আয়োজন

মাদক দ্ৰৱ্যৰ আসক্তসকলৰ চিকিৎসা আৰু পুনৰ্বাসন সুনিশ্চিত কৰাৰ লগতে মাদক দ্ৰৱ্যৰ আসক্তিৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টিৰ বাবে শিলচৰৰ গান্ধী ভৱনত আজি এখন গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰা হয়। স্বেচ্ছাসেৱী সংস্থা ৰুট টু কানেক্ট আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যিক কার্যপৰিকল্পনা আৰু ৰাষ্ট্ৰীয় মাদক চাহিদা হ্রাস কার্যপৰিকল্পনাৰ অংশ হিচাপে এই সভাৰ আয়োজন কৰা হয়। সভাখনত এখন সংবাদ মেল সম্বোধন কৰি অতিৰিক্ত জিলা আয়ুক্তই শাৰিৰীক আৰু মানসিক দিশত মাদক দ্ৰৱ্যৰ কুপ্ৰভাৱৰ বি...

September 3, 2025 7:06 PM

views 51

শিলচৰত আজি অবৈধভাবে দখল কৰি থকা দোকানসমূহৰ উচ্ছেদ অভিযান

স্বচ্ছ আৰু শৃংখলাবদ্ধ চহৰ হিচাপে গঢ়ি তুলিবলৈ কাচাৰ জিলাৰ শিলচৰত আজি উচ্ছেদ অভিযান চলোৱা হয়। শিলচৰ পৌৰসভাই পদ আৰু পদপথসমূহ অবৈধভাবে দখল কৰি থকা দোকানসমূহ উচ্ছেদ কৰে। এই অভিযানৰ সমান্তৰালভাৱে পৌৰসভা কর্তৃপক্ষই নতুনকৈ অন্তর্ভুক্ত কৰা অঞ্চলসমূহৰ ব্যৱসায়ীসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু বৈধ বাণিজ্যিক অনুজ্ঞাপত্র সন্দর্ভত আলোকপাত কৰে।