September 5, 2026 6:39 PM | silshar

printer

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্রস্তুতি আৰম্ভ

অহা ৩ অক্টোবৰত হ’বলগীয়া শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে প্রস্তুতি আৰম্ভ কৰিছে। দলটোৱে ৪২ টা ৱাৰ্ড নিজৰ দখললৈ অনাৰ বাবে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰিছে। এই নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আজি শিলচৰত এখন বিশাল কাৰ্য্যকর্তা সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত দিয়া ভাষণত বিত্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, যে যোৱা বিধানসভা নিৰ্বাচনৰ দৰেই পৌৰ নিগম নির্বাচনতো সকলো ৱাৰ্ডতে বিজেপিয়ে বিজয় সাব্যস্ত কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৌৰ সভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছে বুলি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে অতি সোনকালে এই নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ব। আজিৰ এই সন্মিলনত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়া, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ লগতে মন্ত্ৰী কৌশিক ৰায়, কৃষ্ণেন্দু পাল, ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ, সাংসদ পৰমিল শুক্লবৈদ্যৰ লগতে দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু কাৰ্য্যকর্তাসকল উপস্থিত থাকে ।