শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটীলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো অহা জানুৱাৰী মাহৰ পৰা কাৰ্যক্ষম হ’ব। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী কৌশিক ৰায়ে আজি এই কথা প্রকাশ কৰে। এই ঘাইপথটোৱে শিলচৰ-গুৱাহাটী যাত্রা সুচল আৰু ক্ষীপ্ৰ কৰি তুলিব বুলিও মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। আজি মন্ত্ৰীগৰাকীয়ে হাৰাংগাজাওৰ পৰা জাতিঙ্গালৈ যোৱা পথটোৰ নিৰ্মাণ কাৰ্যও পৰিদৰ্শন কৰে। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে হাৰাংগাজাওৰ পৰা নিৰিমবাংলোলৈ ৪৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ কাম দ্রুতগতিত আগবঢ়িছে। পৰিকল্পনা অনুসৰি কিছু অংশত চাৰিটা লেন আৰু কিছু অংশত দুটা লেন থকা কৰিড’ৰ মুকলি কৰা হ’ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰীক্ষণত থকাৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত পথটোৰ কাম সম্পন্ন হ’ব বুলিও মন্ত্রী দাসে প্রকাশ কৰে। আজিৰ এই পৰিদৰ্শনৰ সময়ত ৰাজ্যসভাৰ সাংসদ কনাড পুৰকায়স্থ, বিধায়ক মিহিৰকান্তি সোম, নিহাৰ ৰঞ্জন দাসকে ধৰি ডিমা হাছাও জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আদিও উপস্থিত থাকে।
Assamese | November 22, 2025 8:31 PM | Guwahati | silshar
শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটীলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৌশিক ৰায়ৰ