দেশৰ মুখ্য ন্যায়াধীশ সূর্যকান্তে যেতিয়াই সাংবিধানিক অধিকাৰ খর্ব হয় তেতিয়াই আদালতে হস্তক্ষেপ কৰিব লাগে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ ৩৩ সংখ্যক প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে সংবিধানে প্ৰতিগৰাকী নাগৰিকক মর্যাদা, সমতা, স্বাধীনতা আৰু ন্যায়কে ধৰি বহু প্রতিশ্রুতি দিছে। মানৱাধিকাৰ আয়োগে অভিযোগৰ তদন্ত কৰাৰ উপৰি ব্যৱস্থাৰ বিফলতা চিনাক্ত কৰিব লাগে বুলি তেওঁ লগতে উল্লেখ কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে মানৱ অধিকাৰ মানৱ মৰ্যাদাৰ সৈতে ওতঃপ্রোতভাবে জড়িত আৰু ইয়াৰ সৈতে স্বাস্থ্যসেৱা, খাদ্য, বাসস্থান, জীৱিকা আৰু পৰিচ্ছন্ন পৰিৱেশৰ সুবিধা অন্তর্ভুক্ত হৈ আছে। তেওঁ আয়োগে মানবাধিকাৰৰ সুৰক্ষা নিৰন্তৰ শক্তিশালী কৰি যাব আৰু ন্যায়, মর্যাদা আৰু দায়িত্ববোধৰ প্ৰসাৰ কৰিব বুলি আস্থা ব্যক্ত কৰে। ন্যায়াধীশ সূর্যকান্তে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে বিগত ৩৩ বছৰত ২৪ লাখৰো অধিক গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ২৩ লাখৰো অধিক গোচৰ নিষ্পত্তি কৰিছে। এন এইচ আৰ চি ইণ্ডিয়া মোবাইল এপ্লিকেচন মুকলি কৰিলে নাগৰিকসকলে অভিযোগ দাখিল কৰা, ইযাৰ অগ্রগতি পৰীক্ষা কৰা আৰু সহজে তথ্য লাভ কৰাত সহায় হ’ব বুলি মুখ্য ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে।
Assamese | October 12, 2026 12:29 PM | National Human Right Commission Foundation day
নতুন দিল্লীত ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ ৩৩ সংখ্যক প্রতিষ্ঠা দিৱস