October 12, 2026 12:29 PM

views 6

নতুন দিল্লীত ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ ৩৩ সংখ্যক প্রতিষ্ঠা দিৱস

দেশৰ মুখ্য ন্যায়াধীশ সূর্যকান্তে যেতিয়াই সাংবিধানিক অধিকাৰ খর্ব হয় তেতিয়াই আদালতে হস্তক্ষেপ কৰিব লাগে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ ৩৩ সংখ্যক প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে সংবিধানে প্ৰতিগৰাকী নাগৰিকক মর্যাদা, সমতা, স্বাধীনতা আৰু ন্যায়কে ধৰি বহু প্রতিশ্রুতি দিছে। মানৱাধিকাৰ আয়োগে অভিযোগৰ তদন্ত কৰাৰ উপৰি ব্যৱস্থাৰ বিফলতা চিনাক্ত কৰিব লাগে বুলি তেওঁ লগতে উল্লেখ কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে মানৱ অধিকাৰ মানৱ মৰ্যাদাৰ সৈতে ওত...