নেপালৰ গোর্খা জিলাৰ বুধি গণ্ডকী নদীত অহা আকস্মিক বানৰ পৰা বৰ্তমানলৈকে ৮০ জনৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত ৯ জন বিদেশী নাগৰিকো আছে। বানত ৫ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। নেপালৰ ৰাষ্ট্ৰীয় দুর্যোগ আশংকা প্রশমন আৰু ব্যৱস্থাপনা কর্তৃপক্ষই প্রকাশ কৰা মতে ৪ খন হেলিকপ্টাৰৰ সহায়ত ৮২ জন লোকক উদ্ধাৰ কৰা হৈছে। কালি পুৱতি নিশা প্রায় ৪ বজাৰ আশে পাশে অহা এই বানে ছুম্মুব্ৰী অঞ্চলৰ বহু বাসগৃহ আৰু দলং উটুৱাই নিয়াৰ লগতে কেইবাটাও জলবিদ্যুৎ প্রকল্প ক্ষতিগ্রস্ত কৰে। উদ্ধাৰ তথা সাহায্য অভিযানৰ বাবে নেপাল সেনাকে ধৰি ৭০০ৰো অধিক নিৰাপত্তা বাহিনীৰ লোক নিয়োগ কৰা হৈছে। উদ্ধাৰ অভিযান আৰু যাবতীয় সামগ্ৰী প্ৰদানৰ বাবে ৪ খন হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি ছুমুৱী গ্রাম্য পৌৰসভাৰ প্ৰায় ৩৬টা বাসগৃহ বানে উটুৱাই লৈ যায়। বানত কমেও ৪৫টা বাসগৃহ সম্পূর্ণৰূপে ধবংস হয়। এই দুর্যোগত দুখন ওলমা দলঙকে ধৰি মুঠ ৪ খন দলং আৰু তিনিটা জলবিদ্যুৎ প্রকল্প ক্ষতিগ্রস্ত হয়।
আন্তঃৰাষ্ট্ৰীয় সংহত পার্বত্য বিকাশ কেন্দ্রই গোর্খা জিলাৰ চুমছেটৰ সমীপত ভূমিস্খলনৰ ফলত সাময়িকভাবে অৱৰোধৰ সৃষ্টি হোৱাৰ ফলতেই এই আকস্মিক বান সংঘটিত হ’ব পাৰে বুলি প্ৰকাশ কৰিছে। বানে মাটি, বালি আৰু ধবংসস্তূপৰ সামগ্ৰী নামনি অংশলৈ কঢ়িয়াই অনাত কর্তৃপক্ষই বোধি গণ্ডকী, ত্রিশূলী আৰু নাৰায়ণী নদীৰ দাঁতিকাষৰীয়া লোকসকলক সতর্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ইপিনে এই আকস্মিক বানে দলং আৰু ফুটপাথ উটুৱাই লৈ যোৱাত মানসলু টেকিঙৰ বাবে যোৱা ভালেসংখ্যক পর্যটক আৱদ্ধ হৈ পৰে। অৱশ্যে তেওঁলোক সম্প্রতি নিৰাপদে আছে বুলি মানসলু সংৰক্ষিত এলেকা প্রকল্পই জানিবলৈ দিছে।