October 12, 2026 11:43 AM
3
নেপালত অহা আকস্মিক বানৰ পৰা বৰ্তমানলৈকে ৮০ জনৰো অধিক লোকক উদ্ধাৰ
নেপালৰ গোর্খা জিলাৰ বুধি গণ্ডকী নদীত অহা আকস্মিক বানৰ পৰা বৰ্তমানলৈকে ৮০ জনৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত ৯ জন বিদেশী নাগৰিকো আছে। বানত ৫ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। নেপালৰ ৰাষ্ট্ৰীয় দুর্যোগ আশংকা প্রশমন আৰু ব্যৱস্থাপনা কর্তৃপক্ষই প্রকাশ কৰা মতে ৪ খন হেলিকপ্টাৰৰ সহায়ত ৮২ জন লোকক উদ্ধাৰ কৰা হৈছে। কালি পুৱতি নিশা প্রায় ৪ বজাৰ আশে পাশে অহা এই বানে ছুম্মুব্ৰী অঞ্চলৰ বহু বাসগৃহ আৰু দলং উটুৱাই নিয়াৰ লগতে কেইবাটাও জলবিদ্যুৎ প্রকল্প ক্ষতিগ্রস্ত কৰে। উদ্ধাৰ তথা সাহায্য অভিযানৰ বাবে নেপাল সে...