পুনৰ ভয়াবহ বানৰ কবলত পৰা পাৰ্বত্য দেশ নেপালত এশৰো অধিক বিদেশী ভ্ৰমণকাৰী বিভিন্ন স্থানত আবদ্ধ হৈ আছে। প্রশাসনে ১২ গৰাকী বিদেশীকে ধৰি ৩২১ গৰাকী লোকক উদ্ধাৰ কৰিছে।
কাঠমাণ্ডুৰ পৰা প্ৰায় এশ কিলোমিটাৰ পশ্চিমে গোর্খা জিলাত হোৱা ভয়ংকৰ ভূমিস্খলনত বোধি গণ্ডকি নদীৰ পানী আৱদ্ধ হৈ পৰাৰ পাছতে নামনি অঞ্চল বানৰ কবলত পৰে। দেশখনৰ সেনাবাহিনীয়ে প্ৰকাশ কৰা অনুসৰি উদ্ধাৰ অভিযান কাইলৈ অব্যাহত থাকিব।