সেৱা সংকল্প অভিযানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অংগন মিলন সেৱা কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত পৰিপুষ্টিমূলক সজাগতা কাৰ্যসূচী ৰূপায়ণৰ লগতে আশাকর্মী, অংগনবাড়ী কর্মী আৰু চৰকাৰী বিদ্যালয়ৰ ৰন্ধন কর্মীসকলক এককালীন সাহায্য প্রদান কৰা হৈছে।
যোৰহাটৰ টীয়ক সমজিলা প্ৰশাসন আৰু উত্তৰ পশ্চিম উন্নয়ন খণ্ডৰ যৌথ উদ্যোগত সেৱা সেতু অভিযানৰ এটা শিবিৰ কালি সফলতাৰে অনুষ্ঠিত হয়। জিলাখনৰ দেৱীচৰণ বৰুৱা বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত আন এটা অনুষ্ঠানত কাকজান খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত আশা ছুপাৰভাইজাৰ আৰু কৰ্মীসকলক মাননী আৰু প্ৰশংসা পত্ৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানতে আশাকৰ্মীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৪০ বছৰ ঊৰ্ধৰ কৰ্মীসকলৰ মেম’গ্রাফি পৰীক্ষাৰ বাবে নতুন ব্যৱস্থা গ্ৰহণ কৰা হয়। যুটীয়া স্বাস্থ্য সেবা সঞ্চালক ডা০ ভক্তিময় ভট্টাচাৰ্যৰ নেতৃত্বত আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন তথা যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ সহযোগত এই ব্যৱস্থা লোৱা হৈছে।
ডিব্ৰুগড়ৰ টিংখাং বিধানসভা সমষ্টিৰ ধোৱাপথাৰ কেশৰীগুৰি আদৰ্শ অংগনবাড়ী কেন্দ্রত অনুষ্ঠিত অংগন মিলন সেৱা কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰাই আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। ডিব্ৰুগড় জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আয়োজিত এই কার্যসূচীত অংগনবাড়ী কর্মী আৰু সহায়িকাসকলৰ অৱদানক সন্মান জনোৱাৰ লগতে পোষণ অভিযানৰ ওপৰত সজাগতা সৃষ্টিৰ বিষয়ে আলোচনা কৰা হয়।
নাহৰকটীয়া বিধানসভা সমষ্টিৰ নিগাম অংগনবাড়ী কেন্দ্রত আয়োজিত অংগন মিলন অনুষ্ঠানত বিধায়ক তৰংগ গগৈয়ে অংগনবাড়ী কর্মী আৰু সহায়িকাসকলক এহেজাৰ টকাৰ আৰ্থিক সাহায্যৰ চেক আৰু প্ৰশংসা পত্র প্রদান কৰে।