October 12, 2026 11:31 AM | Tanker Fire

printer

হৰমুজ প্রণালীত ১১ গৰাকী ভাৰতীয় নাবিক কঢ়িয়াই নিয়া মাৰ্শ্বাল দ্বীপপুঞ্জত টেংকাৰত অগ্নিকাণ্ড

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে কৈছে যে হৰমুজ প্রণালীত ১১ গৰাকী ভাৰতীয় নাবিক কঢ়িয়াই নিয়া মাৰ্শ্বাল দ্বীপপুঞ্জৰ ধ্বাজাবাহী M/T Valthera (এম/টি ভালথেৰা) নামৰ টেংকাৰখনত অচিনাক্ত ক্ষেপণাস্ত্ৰৰ দ্বাৰা কৰা আঘাতৰ ফলত টেংকাৰখনত অগ্নিকাণ্ডৰ সূত্রপাত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীসোণোৱালে কয় যে, ১১ গৰাকী ভাৰতীয় ক্রু মেম্বাৰৰ আটাইকেইজন সুৰক্ষিত হৈ আছে।

শ্রী সোণোৱালে লগতে কয় যে ১১ গৰাকী ভাৰতীয় নাবিক কঢ়িয়াই নিয়া MT PETRO DOLPHIN (এম টি পেট্র’ ডলফিন) নামৰ টেংকাৰখনো সোহাৰ লংগৰত ড্রোন আক্ৰমণৰ সম্মুখীন হয়। তেওঁ কয় যে এই ১১জনৰ ভিতৰত ৯ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ হৈছে যদিও দুগৰাকী এতিয়াও সন্ধানহীন হৈ আছে। তেওঁ কয় যে স্থানীয় উপকূলৰক্ষী বাহিনীয়ে অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। শ্রীসোণোৱালে কয় যে উদ্ধাৰ অভিযানত সহায় কৰাৰ লগতে সন্ধানহীন কর্মীসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ সুনিশ্চিত কৰিবলৈ ভাৰত চৰকাৰে সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে সহযোগিতাৰে কাম কৰি আছে।

বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে কালি হৰমুজ প্রণালীত বাণিজ্যিক জাহাজৰ ওপৰত হোৱা এনেধৰণৰ আক্ৰমণক গৰিহণা দিছে। মাস্কাটত থকা ভাৰতীয় দূতাবাসে পৰিস্থিতি তীক্ষ্ণভাৱে পর্যবেক্ষণ কৰি আছে। মন্ত্রালয়ে কৈছে যে ভাৰতীয় নাবিকসকলৰ সুৰক্ষাৰ বিষয়টোক চৰকাৰে সদায় অগ্রাধিকাৰ দি আহিছে। মন্ত্রালয়ে কৈছে যে এই আক্রমণে ইতিমধ্যে অস্থিৰ হৈ থকা পৰিস্থিতিক আৰু অধিক অৱনতি ঘটোৱাৰ আশংকা কঢ়িয়াই আনিছে। ভাৰতে আলোচনা আৰু কূটনীতিৰ জৰিয়তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বৰ্তমানৰ সংঘাতৰ সমাধানৰ বাবে প্রয়োজনৰ কথা পুনৰ দোহাৰে। বাণিজ্যিক জাহাজ, নাবিক আৰু সাধাৰণ নাগৰিকৰ আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ লগতে আৰু মুক্ত নৌ-পৰিবহণ তথা সামুদ্রিক বাণিজ্যৰ সুৰক্ষিত চলাচল অব্যাহত ৰখা উচিত বুলিও মন্ত্রালয়ে প্রকাশ কৰিছে।