October 12, 2026 11:31 AM
3
হৰমুজ প্রণালীত ১১ গৰাকী ভাৰতীয় নাবিক কঢ়িয়াই নিয়া মাৰ্শ্বাল দ্বীপপুঞ্জত টেংকাৰত অগ্নিকাণ্ড
কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে কৈছে যে হৰমুজ প্রণালীত ১১ গৰাকী ভাৰতীয় নাবিক কঢ়িয়াই নিয়া মাৰ্শ্বাল দ্বীপপুঞ্জৰ ধ্বাজাবাহী M/T Valthera (এম/টি ভালথেৰা) নামৰ টেংকাৰখনত অচিনাক্ত ক্ষেপণাস্ত্ৰৰ দ্বাৰা কৰা আঘাতৰ ফলত টেংকাৰখনত অগ্নিকাণ্ডৰ সূত্রপাত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীসোণোৱালে কয় যে, ১১ গৰাকী ভাৰতীয় ক্রু মেম্বাৰৰ আটাইকেইজন সুৰক্ষিত হৈ আছে। শ্রী সোণোৱালে লগতে কয় যে ১১ গৰাকী ভাৰতীয় নাবিক কঢ়িয়াই নিয়া MT PETRO DOLPHIN (এম টি পেট্র' ডলফিন) নামৰ টেংকাৰখনো সোহাৰ...