September 21, 2026 2:54 PM

views 15

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ চন্দ্ৰপুৰত ইছৰ’ৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন

অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ সমীপৰ চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰ'ৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নির্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্রটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতি-বিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সুৰক্ষিত ৰখাৰ ক্ষমতা অধিক শক্তিশালী কৰিব। সামাজিক মাধ্যমৰ এটা বার্তাত মুখ্যমন্ত্রী ড° শর্মাই কয়, যে এসময়ত দেশৰ প্ৰধান প্রযুক্তি কেন্দ্ৰসমূহৰ পৰা বহু দূৰত বুলি বিবেচিত হোৱা অসমৰ...

September 8, 2026 12:51 PM

views 17

দ্বিতীয় নর্থ-ইষ্ট কুংফু ফেডাৰেচন কাপ, ২০২৬ ত বৰগাং স্পৰ্টছ একাডেমীৰ খেলুৱৈৰ সাফল্য লাভ

গুৱাহাটীৰ পাটাবজাৰৰ গোৰ্খা ভৱনত অনুষ্ঠিত দ্বিতীয় নর্থ-ইষ্ট কুংফু ফেডাৰেচন কাপ, ২০২৬ ত বিশ্বনাথৰ বৰগাং স্পৰ্টছ একাডেমীৰ খেলুৱৈয়ে সাফল্য লাভ কৰিছে। কুংফু স্পৰ্টছ এছ'চিয়েচন অব্ আছামৰ উদ্যোগত আৰু নৰ্থ-ইষ্ট কুংফু স্পৰ্টছ ফেডাৰেচনৰ সহযোগত যোৱা ৫ আৰু ৬ ছেপ্তেম্বৰত অনুষ্ঠিত প্রতিযোগিতাত গায়ত্ৰী মাঝি, বিশিষ্টা শৰ্মা, প্ৰেৰণা শৰ্মা আৰু বৃষ্টি বন্যা চাহুৱে সোণৰ পদক লাভ কৰে। জিষ্ণু দাস আৰু ভব্য শ‍ইকীয়াই ব্ৰঞ্জৰ পদক লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই প্ৰতিযোগিতাত উত্তৰ-পূৰ্বাঞ্চলৰ দুই শতাধিক প্ৰতি...

September 5, 2026 7:17 PM

views 14

জনতা ভৱনত আজি অসমৰ চহকী ঐতিহাসিক পূৰাতাত্বিক, খিলঞ্জীয়া আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ সন্দৰ্ভত পৰ্য্যালোচনা সভা

গুৱাহাটীৰ জনতা ভৱনত আজি অসমৰ চহকী ঐতিহাসিক পূৰাতাত্বিক, খিলঞ্জীয়া আৰু জনজাতীয় ঐতিহ্যৰ সংৰক্ষণ, প্ৰচাৰ আৰু নথিভুক্তকৰণ সম্পৰ্কীয় এখন পৰ্য্যালোচনা সভা অনুষ্ঠিত হয়। ৰাজ্যৰ খিলঞ্জীয়া আৰু জনজাতীয় সংস্কৃতি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত চলিত আৰু নতুন আঁচনি তথা কাৰ্য্যসূচী, বাজেট আবণ্টন ধ্বজাবাহী কাৰ্য্যবাহী, ক্ৰয় পৰিকল্পনা আৰু অনাগত কাৰ্য্যসূচীসমূহৰ স্থিতিৰ পুনৰীক্ষণ কৰা হয়। মন্ত্ৰী শ্ৰীদৈমাৰীয়ে সংশ্লিষ্ট কাৰ্য্যালয়সমূহত ৰূপায়ণ হৈ থকা কাৰ্য্যসূচীসমূহৰ পৰ্য্যালো...

September 3, 2026 7:38 PM

views 12

অসম ৰাজ্যিক যক্ষ্মা বিভাগে গুৱাহাটীত অনুষ্ঠিত কৰা দুদিনীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণৰ আজি সামৰণি

যক্ষ্মামুক্ত অসম গঢ়াৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অসম ৰাজ্যিক যক্ষ্মা বিভাগে গুৱাহাটীত অনুষ্ঠিত কৰা দুদিনীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণৰ আজি সামৰণি পৰে। ৰাজ্যৰ বিভিন্ন জিলাৰ স্বাস্থ্যকৰ্মীসকলে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণত ক্ষেত্ৰ পৰ্যায়ৰ কাম-কাজসমূহ সুচাৰুৰূপে সম্পন্ন কৰা আৰু স্বাস্থ্য সেৱা ব্যৱস্থাক অধিক ফলপ্রসূ কৰি তোলাৰ দিশত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণত গুৰুত্বপূর্ণ চিকিৎসা সম্পৰ্কীয় নতুন তথ্য আৰু নিৰ্দেশনাসমূহ প্ৰদান কৰা হয়। ৰাজ্যিক যক্ষ্মা বিষয়া, ৰাজ্যিক ৰাষ্ট্ৰীয় যক্ষ্মা ...

July 21, 2026 7:36 PM

views 14

গুৱাহাটীত আজি আফ্রিকান ছোৱাইন ফিভাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ বিষয়ত ৰাষ্ট্ৰীয় কর্মশালা অনুষ্ঠিত

আন্তঃৰাষ্ট্ৰীয় পশুধন গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগৰ লগতে ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত আজি গুৱাহাটীত আফ্রিকান ছোৱাইন ফিভাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্রণ বিষয়ত এখন ৰাষ্ট্ৰীয় কর্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত দেশৰ ১১ খন ৰাজ্যৰ নীতি নিৰ্ধাৰক, বিজ্ঞানী আৰু পশু চিকিৎসা বিশেষজ্ঞসকলৰ লগতে কেনিয়া আৰু ভিয়েটনামৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰি ছোৱাইন ফিভাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ফলপ্রসূ নীতিগত আন্তঃগাঁথনি প্রস্তুত কৰাৰ বাবে আলোচনা কৰে। উদ্...

June 30, 2026 6:34 PM

views 19

গুৱাহাটীত বৃহৎ পৰিমাণৰ সোণ জব্দৰ ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী জড়িত থকাৰ আৰক্ষীৰ তথ্য লাভ

গুৱাহাটী মহানগৰীৰ খাৰঘূলিত আজি ৩৭ কিলোগ্রাম সোণ জব্দ হোৱা ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী জড়িত থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। যোৱা নিশা এই বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা ঘটনা সন্দৰ্ভত আজি লতাশিল থানাত আয়োজিত এখন সংবাদ মেলত উপ-আৰক্ষী আয়ুক্ত সম্ভৱী মিশ্ৰই কয় যে এই সৰবৰাহৰ ঘটনাৰ সৈতে মধ্যপ্রাচ্য আৰু ম্যানমাৰৰ সংযোগ আছে। মুম্বাই, দিল্লী, কলকাতা আৰু বেংগালুৰুৰ লোকও এই ঘটনাৰ সৈতে জড়িত থকাৰ শুংসূত্ৰ পোৱা গৈছে বুলি উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এয়া হৈছে অসম আৰক্ষ...

June 12, 2026 7:06 PM

views 29

গুৱাহাটী মহানগৰীৰ যানবাহন আৰক্ষীয়ে যান-বাহনৰ সকলো নীতি-নিয়ম মানি চলিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে

গুৱাহাটী মহানগৰীৰ যানবাহন আৰক্ষীয়ে যান-বাহনৰ সকলো নীতি-নিয়ম মানি চলিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে। ৰাজ্যিক সজাগ কৰাৰ উদ্দেশ্যে আজি পানবজাৰত আয়োজিত এখন সংবাদ মেলত উপ-আৰক্ষী আয়ুযক্ত জয়ন্ত সাৰথি বৰাই কয় যে অসম আৰক্ষী বা গুৱাহাটীৰ যান-বাহন আৰক্ষী ৰাজহ সংগ্ৰহকাৰী বিভাগ নহয়, ৰাইজক সজাগ কৰাৰ বাবেহে যান-বাহন উলংঘাকাৰীক জৰিমনা বিহা হয়। উপ-আৰক্ষী আয়ুক্ত শ্ৰীবৰাই কয় যে আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী আয়ুক্তৰ নিৰ্দেশ মৰ্মে যোৱা দুমাহৰ পৰা যানবাহন আইন সন্দৰ্ভত সজাগতা চলাই থকা হৈছে, যাতে পথ দুৰ্ঘট...

June 5, 2026 11:46 AM

views 39

গুৱাহাটী মহানগৰীত সংঘটিত অগ্নিকাণ্ডত পিতৃ-মাতৃসহ দুটি সন্তানৰ মৃত্যু

গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ জয়মতী নগৰত যোৱা নিশা সংঘটিত এটা ভয়ংকৰ অগ্নিকাণ্ডত পিতৃ- মাতৃসহ দুটি সন্তানৰ শোকাবহভাৱে মৃত্যু হয়। মৃত্যু হোৱা লোককেইজন গোৱালপাৰাৰ লক্ষিপুৰৰ বুলি জানিব পৰা গৈছে। শুই থকা অৱস্থাত জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ ফলত চাৰিওজনে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয়। এই অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ জুইত জাহ যায়। পিছত আৰক্ষী, অগ্নিনির্বাপক বাহিনী আৰু এছ ডি আৰ এফৰ লোকে জুই নির্বাপন কৰিবলৈ সমৰ্থ হয়।

June 1, 2026 10:10 PM

views 58

২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ প্ৰতিবেদনত অসমৰ চমকপ্ৰদ সফলতা

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি ২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ ষষ্ঠ প্ৰতিবেদন প্রকাশ কৰে। মন্ত্ৰালয়ৰ অধীনস্থ আন্তঃৰাষ্ট্ৰীয় জনসংখ্যা বিজ্ঞান প্রতিষ্ঠানে প্ৰস্তুত কৰি উলিওৱা প্ৰতিবেদনৰ তথ্য অনুসৰি অসমে কেইবাটাও দিশত পূৰ্বৰ তুলনাত অভূতপূর্ব সফলতা অৰ্জন কৰিছে। ৰাজ্যত দীৰ্ঘদিন ধৰি চলি থকা বাল্যবিবাহ বিৰোধী সজাগতা আৰু চৰকাৰী পদক্ষেপৰ ইতিবাচক প্ৰভাৱ প্ৰতিবেদনত স্পষ্টকৈ প্ৰতিফলিত হৈছে। তথ্য অনুসৰি, ১৮ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা ২০ৰ পৰা ২৪ বছৰীয়া যুৱতীৰ ...

January 24, 2026 9:20 PM

views 208

কাইলৈ গুৱাহাটীত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। যোৱা নিশা ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাটোৰ দ্বিতীয়খন খেলত ভাৰতে নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে। ইয়াৰ জৰিয়তে ভাৰতে শৃংখলাত ২-০ৰ অগ্ৰগতি লাভ কৰে৷