October 4, 2026 6:38 PM
2
পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰাৰ অভিযোগত বিহাৰৰ এজন যুৱকক গ্ৰেপ্তাৰ
পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰাৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিক অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীৰ এটা দলে গুৱাহাটীত গ্ৰেপ্তাৰ কৰে। গোপন সূত্ৰৰ পম খেদি বিশেষ কার্যবাহিনীয়ে দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগত গ্ৰেপ্তাৰ কৰা লোকজন বিহাৰৰ পূৱ চম্পাৰণৰ অভিষেক কুমাৰ সিং বুলি চিনাক্ত কৰা হৈছে। সেনা বাহিনীৰ তেজপুৰস্থিত গজৰাজ কৰ্পৰ্ছৰ চোৰাংচোৱাৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সহযোগত বিশেষ কার্যবাহিনীয়ে চলোৱা অনুসন্ধানত অভিযুক্ত লোকজন দেশ বিৰোধী কার্যকলাপত লিপ্ত থকাৰ তথ্য পো...