গুৱাহাটীৰ বৰা চাৰ্ভিচ অঞ্চলৰ হোটেল বিলাস ইনত কালি নিশা হোৱা এটা গুলীয়াগুলীৰ ঘটনাত পাঁচজন লোক নিহত হোৱাৰ লগতে এজন আহত হৈছে। এই গুলীচালনাত হোটেল বিলাস ইনৰ স্বত্বাধিকাৰী হেলেনা ভৰালীৰ লগতে তেওঁৰ পুত্ৰ দেৱৰ্ষি কাশ্যপ, বোৱাৰীয়েক ৰিনিশা আৰু হেলেনা ভৰালীৰ ককায়েক ভূদেৱ ভৰালীৰ মৃত্যু হোৱাৰ লগতে নাৰায়ণ দাস নামৰ হোটেলখনৰ এগৰাকী কৰ্মচাৰীৰ মৃত্যু হয়। ইয়াৰ উপৰি গাড়ীচালক সত্যেন পাঠক নামৰ লোকজন গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হৈছে। গুৱাহাটীৰ মাজ-মজিয়াত হোৱা গুলীচালনাৰ ঘটনাক লৈ কালি নিশা উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই প্ৰকাশ কৰা মতে ঘটনাত অভিযুক্ত লোকজনক ঘটনা সংঘটিত হোৱাৰ এঘণ্টা পিছতেই আৰক্ষীয়ে কৰায়ত্ব কৰে। লোকজনক ঘনকান্ত গগৈ বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁৰ পৰা ঘটনাত ব্যৱহৃত এটা পিষ্টল জব্দ কৰা হৈছে বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে।
জানিব পৰা মতে হোটেল বিলাস ইনখন অভিযুক্ত ঘনকান্ত গগৈয়ে লিজত লৈছিল আৰু সম্পত্তিকেন্দ্ৰিক বিবাদক লৈ হত্যাকাণ্ড সংঘটিত হৈছে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।